সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৫ বছৰত অসম চৰকাৰে কেৱল সুদ পৰিশোধত ব্যয় কৰিলে ৰাজভৰালৰ ২০ হাজাৰ ৬৫৮ কোটি টকা

৫ বছৰত অসম চৰকাৰে কেৱল সুদ পৰিশোধত ব্যয় কৰিলে ৰাজভৰালৰ ২০ হাজাৰ ৬৫৮ কোটি টকা৷এই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে ভাৰতীয় ৰিজার্ভ বেংকে৷ভাৰতীয় ৰিজার্ভ বেংকৰ তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বর্ষৰ অন্তিম সময়ত অসম চৰকাৰৰ সর্বমুঠ ধাৰৰ পৰিমান আছিল ৯৩ হাজাৰ ৭৬ কোটি টকা৷এতিয়া সেই ধাৰৰ পৰিমাণে অতিক্ৰম কৰিলে লাখৰ ঘৰ৷২০১৬ চনত অসমৰ শাসনলৈ আহিছিল বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰ৷সেই সময়ত অর্থাৎ,২০১৬ চনত অসম চৰকাৰৰ সর্বমুঠ ধাৰৰ পৰিমাণ আছিল ৪১ হাজাৰ ৯৬৪ কোটি টকা৷অর্থাৎ ২০১৬ চনৰ পৰা ২০২১ চনলৈ অসমৰ বিজেপি চৰকাৰে অতিৰিক্তভাবে ঋণ ললে প্ৰায় ৫০ হাজাৰ কোটি টকা৷কিন্তু এই বিশাল পৰিমানৰ ঋণৰ বিনিময়ত অসম চৰকাৰে এই ৫ টা বছৰত কিমান টকাৰ কেৱল সুদেই ভৰিব লগা হল জানেনে?হয়,আমি আৰম্ভনিতেই কৈছো,এই ৫ টা বছৰত অসম চৰকাৰ তথা অসম চৰকাৰৰ তদানীন্তন মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ বিত্ত বিভাগে সুদৰ নামত ব্যয় কৰিলে সর্বমুঠ ২০ হাজাৰ ৬৫৮ কোটি টকা৷
ৰিজার্ভ বেংকৰ Handbook of Statistics on Indian States, 2020- 21 ৰ তথ্য অনুসৰি ২০১৬-১৭ বিত্তীয় বর্ষত অসম চৰকাৰে সুদ পৰিশোধত ৰাজকোষৰ পৰা ব্যয় কৰিলে ২ হাজাৰ ৯৬৪ কোটি টকা৷
২০১৭-১৮ বর্ষত সুদ পৰিশোধত অসম চৰকাৰে ব্যয় কৰিলে ৩ হাজাৰ ২০৫ কোটি টকা৷
একেদৰে ২০১৮-১৯ বর্ষত অসম চৰকাৰে ধাৰৰ সুদ পৰিশোধত ব্যয় কৰিলে ৩ হাজাৰ ৮৪৪ কোটি টকা৷
আনহাতে ২০১৯-২০ বর্ষত অসম চৰকাৰে ঋণ পৰিশোধত ব্যয় কৰিলে ৪ হাজাৰ ৮৪৩ কোটি টকা আৰু ২০২০-২১ বর্ষত ব্যয় কৰিলে ৫৮০২ কোটি টকা৷
অর্থাৎ ২০১৬ চনৰ পৰা ২০২১ চনলৈ অসম চৰকাৰে সুদ পৰিশোধৰ নামতেই ব্যয় কৰিলে সর্বমুঠ ২০ হাজাৰ ৬৫৮ কোটি টকা৷

Leave A Reply

Your email address will not be published.