সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভূমি কেলেংকাৰিৰ প্ৰসংগ উত্থাপনৰ পিছতেই ১০ মিনিটৰ বাবে স্থগিত বিধানসভা

ভূমি কেলেংকাৰি সন্দর্ভত উত্তাল সদন৷সদন স্থগিত ৰাখিব লগা হ’ল দহ মিনিটৰ বাবে৷আজিৰে পৰা আৰম্ভ হৈছিল অসম বিধানসভাৰ শীতকালীন অধিবেশন৷অধিবেশনৰ প্ৰথম দিনটোতেই সদনত ভূমি কেলেংকাৰি সন্দর্ভত বিতর্কৰ বাবে বিষয়টো উপস্থাপন কৰে বিৰোধীয়ে৷ভূমি কেলেংকাৰিক লৈ সদনৰ মজিয়া উত্তাল হৈ পৰা অধ্যক্ষই দহ মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰে৷
উল্লেখনীয় যে,দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানত ফাদিল হৈছিল মুখ্যমন্ত্ৰীৰ পত্নীয়ে প্ৰতিষ্ঠা কৰা কোম্পানীৰ বৃহৎ ভূমি কেলেংকাৰি৷বিষয়টোক লৈ উত্তাল হৈ আছিল ৰাজ্যৰ ৰাজনীতি৷বিধানসভা অধিবেশনৰ প্ৰথম দিনটোতেই বিৰোধীয়ে সদনৰ মজিয়াত আজি তুলি ধৰে ভূমি কেলেংকাৰিৰ প্ৰসংগ৷

Leave A Reply

Your email address will not be published.