ভূমি কেলেংকাৰিৰ প্ৰসংগ উত্থাপনৰ পিছতেই ১০ মিনিটৰ বাবে স্থগিত বিধানসভা

Share This Article

ভূমি কেলেংকাৰি সন্দর্ভত উত্তাল সদন৷সদন স্থগিত ৰাখিব লগা হ’ল দহ মিনিটৰ বাবে৷আজিৰে পৰা আৰম্ভ হৈছিল অসম বিধানসভাৰ শীতকালীন অধিবেশন৷অধিবেশনৰ প্ৰথম দিনটোতেই সদনত ভূমি কেলেংকাৰি সন্দর্ভত বিতর্কৰ বাবে বিষয়টো উপস্থাপন কৰে বিৰোধীয়ে৷ভূমি কেলেংকাৰিক লৈ সদনৰ মজিয়া উত্তাল হৈ পৰা অধ্যক্ষই দহ মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰে৷
উল্লেখনীয় যে,দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানত ফাদিল হৈছিল মুখ্যমন্ত্ৰীৰ পত্নীয়ে প্ৰতিষ্ঠা কৰা কোম্পানীৰ বৃহৎ ভূমি কেলেংকাৰি৷বিষয়টোক লৈ উত্তাল হৈ আছিল ৰাজ্যৰ ৰাজনীতি৷বিধানসভা অধিবেশনৰ প্ৰথম দিনটোতেই বিৰোধীয়ে সদনৰ মজিয়াত আজি তুলি ধৰে ভূমি কেলেংকাৰিৰ প্ৰসংগ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.