সোণোৱালৰ আমোলৰ আন এক দুৰ্নীতি ফাদিল : ২৩০ পদৰ নিযুক্তি বাতিল

Share This Article

চন্দ্ৰৰ গাত দাগ থাকিলেও দাগ নাছিল সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ৷ এই মন্তব্য আছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ৷কিন্তু সেই একেজন মানুহেই এতিয়া সোণোৱালৰ আমোলৰ এটাৰ পাছত আন এটা কলংক উদঙাই গৈছে ৷ এপিডিচিএলৰ পাছত এইবাৰ বাতিল কৰা হ’ল প্ৰাথমিক শিক্ষা খণ্ডৰ ২৩০ টা পদৰ নিযুক্তি প্ৰক্ৰিয়া ৷ সোণোৱাল চৰকাৰৰ আমোলত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে ৭৮ টা গ্ৰেড থ্ৰী , ১৪৯ টা গ্ৰেড ফ’ৰ আৰু তিনিটা গাড়ী চালকৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল ৷ ৩,৬৭,৮৫৩ গৰাকী নিবনুৱাই এই পদসমূহত নিযুক্তিৰ বাবে আবেদন কৰাৰ পাছত ৯৩,৫৬৪ গৰাকী নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হয় ৷২০২০ চনৰ ৪ ছেপ্তেম্বৰ আৰু ৯ জানুৱাৰীত দুবাৰকৈ এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এই নিৰ্দেশ পালন কৰা নাছিল ৷ তাৰ পাছতে দিছপুৰত মুখ্যমন্ত্ৰী সলনি হয় ৷ এইবাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰি সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আমোলত সংঘটিত আন এক বৃহৎ নিযুক্তি কেলেংকাৰি উদঙাই দিলে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.