পানীৰ অবিহনে প্ৰাণ যোৱা অৱস্থা জনতাৰ

Share This Article

ধুবুৰী কোকৰাঝাৰ জিলাৰ সীমন্তবৰ্তী পৰ্বতঝোৰা মহকুমাৰ মতিৰঝোৰা হাতীখাল গাঁৱত বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ ।জল জীৱন আঁচনিৰ পৰা বঞ্চিত মতিৰঝোৰা হাতীখালৰ লগতে কেইবাখনো গাওঁ ।অসম চৰকাৰৰ দৃষ্টি নপৰা এখন গাওঁ। গাওঁখনত নাই কোনো চৰকাৰী উন্নয়নমূলক আচঁনি।বিশুদ্ধ খোৱা পানীৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাটৰ পৰা বঞ্চিত গাওঁখন। আদিম যুগৰ নিচিনাকৈ পৰ্বতঝোৰা মতিৰঝোৰা হাতিখাল গাঁৱৰ মানুহে এতিয়াও গাত খান্দি মাটিৰ কুঁৱাৰ পৰা পানী পান কৰি আছে।যি সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জল জীৱন মিছনৰ নামত কোটি কোটি টকাৰ আঁচনি গ্ৰহণ কৰি ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিছে।তেনে সময়ত পৰ্বতঝোৰাৰ মতিৰঝোৰা হাতীখাল গাঁৱত বিশুদ্ধ খোৱা পানীৰ কাৰণে ৰাইজে হাহাকাৰ কৰা পৰিলক্ষিত হৈছে।মাটিৰ কুঁৱাৰ পৰা পানী পান কৰাৰ কাৰণে মতিৰঝোৰা গাওঁবাসী নানান বেমাৰ হোৱা পৰিলক্ষিত হৈছে। কুঁৱাত গৰু, ছাগলী, হাঁহ,‌ কুকুৰা পৰি মৃত্যু হোৱাৰ ঘটনাও সংঘটিত হৈ আহিছে। ফলত কুঁৱাৰ পানী দুৰ্গন্ধময় হোৱাত খোৱা পানীৰ পৰাও গাওঁবাসী বঞ্চিত হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.