আম্বানীৰ বাবেই বন্ধ হ’ব চিৰিয়াখানা?

Share This Article

পুনৰ বহিঃ ৰাজ্যলৈ ৰপ্তানি হ’ল গুৱাহাটী চিৰিয়াখানাৰ জীৱ-জন্তু । গুজৰাটৰ আম্বানীৰ ব্যক্তিগত চিৰিয়াখানালৈ ৰপ্তানি হৈছে অসমৰ চিৰিয়াখানাৰ বহু জীৱ-জন্তু। কিন্তু সেই ধৰণে জীৱ-জন্তু আমদানি হোৱা নাই অসমৰ চিৰিয়াখানালৈ। আমি পূৰ্বেও দেখুৱাইছিলো যে কিদৰে নিশা বিমানেৰে ৰপ্তানি কৰা হৈছিল গুৱাহাটী চিৰিয়াখানাৰ কেইবাবিধো জীৱ-জন্তু। এইবাৰো নিলে ২টা গঁড় , ৯ টা প্ৰজাতিৰ বান্দৰ , কেইবাটাও ৮ টা শিঙৰ হৰিণ ।বৃহস্পতিবাৰে পুৱতি নিশা দুখন ট্ৰাক আৰু তিনিখন সৰু গাড়ীত অসংখ্য আপুৰুগীয়া বন্যপ্ৰাণী গুৱাহাটীৰ চিৰিয়াখানাৰ পৰা আম্বানীৰ চিৰিয়াখানালৈ DFO ৰ নেতৃত্বত লৈ যোৱা হ’ল । যাৰ বাবে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সদস্যই বাধা প্ৰদান কৰাত মহিলা প্ৰতিবাদকৰীক অশালীন ব্যৱহাৰ কৰে ডিএফঅ অশ্বিনী কুমাৰে ৷ যাৰ বাবে চিৰিয়াখানাৰ পদপথৰ দোকান বন্ধ কৰি প্ৰতিবাদ ব্যৱসায়ীৰ।যিহেতু এখন ৰাজ্যৰ চিৰিয়াখানাৰ পৰা আন এখন ৰাজ্যৰ চিৰিয়াখানালৈ জীৱ-জন্তু আদান -প্ৰদান কৰোতে চুক্তি কৰিব লাগে কিন্তু চুক্তি ঠিকে কৰিছে সেই অনুপাতে আমদানি হোৱা নাই অসমলৈ জীৱ – জন্তু । গুৰুত্বপূৰ্ণ কথাটো হ’ল আম্বানীৰ ব্যক্তিগত চিৰিয়াখানালৈ অসমৰ চিৰিয়াখানাৰ জীৱ-জন্তু ৰপ্তানি কৰোতে কিবা চুক্তি কৰা হৈছেনে? নে চুক্তি নকৰাকৈয়ে ৰপ্তানি কৰি থকা হৈছে জীৱ-জন্তু? এতিয়া পুনৰ অতি সংগোপনে ৰপ্তানি কৰিলে অসমৰ চিৰিয়াখানাৰ বহু জীৱ – জন্তু। লাহে লাহে গুৱাহাটী চিৰিয়াখানাৰ পৰা ইটোৰ পিছত সিটোকৈ নোহোৱা হৈ গৈছে জীৱ-জন্তু।২০২১ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটীৰ চিৰিয়াখানা কতৃপক্ষই চিৰিয়াখানাৰ পৰা গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ ৰপ্তানি কৰিছিল দুটা ব্লেক পেন্থাৰ।লগতে বান্দৰ, শহা পহুকে ধৰি দুস্পাপ্য চৰাই আৰু কেংগাৰু প্ৰেৰণ কৰিছিল ।এইবাৰ অসমৰ সম্পদ এশিঙীয়া গঁড় প্ৰেৰণ আম্বানীক । এই সম্পৰ্কে চিৰিয়াখানা কৰ্তৃপক্ষৰ লগতে বনমন্ত্ৰী চন্দমোহন পাটোৱাৰীও মৌন । প্ৰাক্তন বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ দিনতো জীৱ-জন্তু ৰপ্তানি হৈছিল আম্বানীৰ ব্যক্তিগত চিৰিয়াখানালৈ। এতিয়া প্ৰশ্ন হ’ল আম্বানীৰ ব্যক্তিগত চিৰিয়াখানা শুৱনি কৰিবলৈ গুৱাহাটীৰ চিৰিয়াখানাৰ পৰা জীৱ-জন্তু ৰপ্তানি কৰিয়েই থাকিব নেকি? সংগোপনে চলিয়েই থাকিব নেকি জীৱ-জন্তুৰ ৰপ্তানি?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.