ৰোলাৰ স্কেটিং চেম্পিয়নশ্বীপৰ সামৰণি

Share This Article

৫ নং সদৌ অসম ৰোলাৰ স্কেটিং চেম্পিয়নশ্বীপৰ দুদিনীয়া প্ৰতিযোগিতা সফলতাৰে অন্ত পৰে।২৯ আৰু ৩০ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত ১৬ জিলাৰ পৰা ডেৰ শতাধিক স্কেটাৰে অংশ গ্ৰহণ কৰা চেম্পিয়নশ্বিপত বিভিন্ন শাখাত সৰ্বমুঠ ৮৪ টা ৰেচ অনুষ্ঠিত হয় আৰু ৭৪ টা শিতানত বিভিন্ন বয়সৰ স্কেটাৰে পদক লাভ কৰে ।উল্লেখ্য যে শেহতীয়াকৈ জনপ্ৰিয়তা লাভ কৰা এই চেম্পিয়নশ্বিপত ৫ বছৰ বয়সৰ কণ কণ স্কেটাৰৰ পৰা ছিনিয়ৰ শাখাৰ মুঠ ২৪ টা শাখাত প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । এই প্ৰতিযোগিতাৰ ৩০ অক্টোবৰত অনুষ্ঠিত ৰোড ৰেচ সমূহ অসম প্ৰশাসনিক মহাবিদ্যালয়ৰ চৌহদত এক আকৰ্ষণীয় পৰিবেশৰ মাজত অনুষ্ঠিত হয় ।সন্ধিয়ালৈ অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত সন্থাৰ ৰাজ্যিক সভাপতি , উপসভাপতিৰ লগতে গায়িকা ময়ুৰী দত্ত উপস্থিত থাকি বটাঁ সমূহ প্ৰদান কৰে ।বিশেষভাবে আৰ্কষণ লাভ কৰা প্ৰতিযোগিতাৰ ফলাফল সমূহ এনেধৰণৰ..মিলনজ্যোতি বৰদলৈ সোণৰ পদক ৩ সুপ্ৰতিক কৃষ্ণ ফুকন সোণৰ পদক ৩, ৯ পৰা ১১ বছৰীয়া ছোৱালীৰ শাখাত ৰাজনন্দিনী শেখৰ Stand সোণৰ পদক ৩, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত প্ৰাচুৰ্য বৰুৱা, হিমানীষ চৌধুৰী ,সক্ষম শৰ্মাই ৩ টাকৈ সোণৰ পদক লাভ কৰে ।জিলা ভিত্তিক ফলাফলত কামৰূপ মহানগৰে মুঠ ৫৪ টা সোণৰ পদকেৰে প্ৰথম স্থান , ১২ টা সোণৰ পদকেৰে ডিব্ৰুগড় দ্বিতীয় স্থানত ,হোজাই জিলাই লাভ কৰিছে ৪ টা পদক, কামৰূপ গ্ৰাম্যই ৩ টা সোণৰ পদক লাভ কৰে ।উল্লেখ্য যে এই প্ৰতিযোগিতাৰ ফলাফলৰ ভিত্তিত ২০২২ চনৰ ১১ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ বাংগালোৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ৰোলাৰ স্কেটিং প্ৰতিযোগিতালৈ অসম ৰাজ্যিক দল নিৰ্বাচন কৰা হ’ব বুলি সন্থাৰ বিষববীয়া সকলে জানিবলৈ দিছে ।তদুপৰি এই নিৰ্বাচিত খেলুৱৈসকলক লৈ নবেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা বিশেষ অনুশীল শিবিৰৰো আয়োজন কৰা হ’ব জনাইছে আয়োজকে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.