অনন্য কৃতিত্ব শিৱসাগৰৰ অনন্যাৰ

Share This Article

ৰাষ্ট্ৰীয় একতা দিৱসত দিল্লীৰ সংসদ ভৱনত বক্তৃতা প্ৰদানৰ বাবে নিৰ্বাচিত হৈছে শিৱসাগৰৰ অনন্যা দত্ত।সমগ্ৰ দেশৰ পৰা নিৰ্বাচিত হোৱা মুঠ ৮ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত অসমৰ পৰা একমাত্ৰ অনন্যা দত্তই নিৰ্বাচিত হৈছে।শিৱসাগৰৰ ঢুলীয়াপাৰৰ নিবাসী দিলীপ দত্ত আৰু নৱনীতা বৰা দত্তৰ কন্যা অনন্যা দত্তই আজি অৰ্থাৎ ৰাষ্ট্ৰীয় একতা দিৱসৰ দিনা সংসদৰ মজিয়াত দিব বক্তৃতা।” চৰ্দাৰ বল্লভভাই পেটেল লাইফ, ফিলছফী, টিচিং এণ্ড কনট্ৰীবিউশ্যন” শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰিব অনন্যা দত্তই।দেশৰ ৰাষ্ট্ৰপতি , প্ৰধানমন্ত্ৰীৰ উপৰিও আন আন কেন্দ্ৰীয় মন্ত্ৰী, সাংসদৰ সন্মুখত বক্তৃতা প্ৰদান কৰিবলৈ নিৰ্বাচিত হোৱাত স্বাভাবিকতে আনন্দ প্ৰকাশ কৰিছে অনন্যা দত্তই ।লক্ষ্যণীয় যে ৩১ অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱসত সংসদৰ মজিয়াত দেশৰ ভিন্ন প্ৰান্তৰ মুঠ ৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে বক্তৃতা প্ৰদান কৰিব। ইয়াৰ ভিতৰত অসমৰ পৰা একমাত্ৰ অনন্যা দত্ত নিৰ্বাচিত হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.