Investigative reporting with dedication.

বিশ্বনাথত তৃণমূল কংগ্ৰেছৰ জিলা কাৰ্যালয়ৰ মুকলি অনুষ্ঠানত ৰাজ্যিক সভাপতি ৰিপুণ বৰা উপস্থিত হৈ কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰদান কৰে।ৰাজনৈতিক উদ্দেশ্যতহে বিজেপিয়ে লাচিত বৰফুকনক চিনি পালে।লাচিত বৰফুকনক তেওঁলোকে হিন্দু বীৰ সজালে।বিজেপিয়ে তেওঁলোকৰ শ্ল’গানত কয় ‘জয় শ্ৰী ৰাম’।বৰাৰ প্ৰশ্ন ‘জয় শ্ৰী কৃষ্ণ’ বুলি কোৱাজন আচল হিন্দু নহয় নেকি?তেওঁলোকে হিন্দুৰ মাজতো বিভাজন আনিব খুজিছে।ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিং কাণ্ডৰ সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।তিনিমাহ পূৰ্বে ৰেগিঙৰ অভিযোগ উত্থাপিত হোৱাৰ সময়ত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেহে বৰ্তমানৰ পৰিস্থিতিৰ উদ্ভৱ হয় আৰু এই পৰিস্থিতি বাবে চৰকাৰক দোষাৰোপ কৰে ৰিপুন বৰাই।আইন অনুসৰি ৰেগিঙৰ লগত জড়িত মূল অভিযুক্তই শাস্তি পোৱাৰ দাবী কৰে ৰিপুণ বৰাই।বিজেপিৰ সকলো বিধায়ক বৰ্তমান ঠিকাদাৰ হ’ল।সমষ্টিৰ উন্নয়নৰ বাবে যি টকা আহে সেইয়া নিজেই নিজৰ পত্নী, আত্মীয় অথবা বেলেগ বেলেগৰ নামত ঠিকা হিচাপে লৈ লুটি থকাৰ বিস্ফোৰক অভিযোগ বৰাৰ।ইফালে বৰাই আম আদমি পাৰ্টীৰ বিৰুদ্ধেও বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে যদি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ ধৰ্ম নিৰপক্ষতা ভংগ কৰে অৰ্থাৎ আম আদমি পাৰ্টীও বিজেপিৰ দৰে সাম্প্ৰদায়িক দলৰ ফালে গতি কৰিছে।নহ’লে পইচাত লক্ষ্মী আৰু গণেশৰ ফটো দিব লাগে বুলি নকলেহেঁতেন কেজৰিৱালে।




