এয়াই ভাতৃ প্ৰেম !

আজি বিশ্ব প্ৰতিবন্ধী দিৱস৷ প্ৰতিগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক উৎসাহ-উদ্দীপনা প্ৰদান কৰাৰ উদ্দেশ্যৰেই ১৯৯২ চনৰ পৰাই সমগ্ৰ বিশ্বজুৰি উদযাপন কৰি অহা হৈছে এই দিৱস । কিন্তু আজি এই প্ৰতিবন্ধী দিৱসৰ দিনটোতেই আমি পোহৰলৈ আহিছে নগাঁৱৰ এক কৰুণ কাহিনী যি কাহিনীয়ে আপোনাৰ অন্তৰ আত্মাতো তুলিব কঁপনি ।পুতৌ নহয় মানৱতাৰ জয়গান । ভাতৃ-ভগ্নীৰ মৰমৰ অন্য এক নিদৰ্শন । হয়,ভাতৃৰ বাবে কি কৰা নাই নগাঁৱৰ এইগৰাকী ভগ্নীয়ে ? নিজৰ একমাত্ৰ প্ৰতিবন্ধী ভাতৃক পৰিচৰ্যা কৰিবৰ বাবেই সংসাৰ ত্যাগ জ্যেষ্ঠ ভগ্নীৰ । আনৰ ঘৰত কাপোৰ ধুই,বাচন ধুই দিন হাজিৰাৰে ভাতৃৰ পৰিচৰ্যা কৰিছে জ্যেষ্ঠ ভগ্নীয়ে । কেৱল ইমানেই নহয় গহনা বন্ধকত থৈও ভাতৃৰ চিকিৎসা কৰিছে তেওঁ । মৰম আৰু চেনেহৰ সংজ্ঞাক উৎকৃষ্ট ৰূপ প্ৰদান কৰা নগাঁৱৰ এই গৰাকী যুৱতীৰ নাম পম্পী বৰদলৈ । ২০১২ বৰ্ষতেই যুগ্ম জীৱনৰ পাতনি মেলিছিল তেওঁ । বিশেষভাৱে সক্ষম ভাতৃ দ্বীপ ওজা বৰুৱাক চোৱা-চিতা কৰিবলৈকে বিয়াৰ তিনিবছৰ পিছতেই ভাতৃৰ কাষলৈ প্ৰত্যাবৰ্তন কৰে তেওঁ । কাৰণ,মাতৃ-পিতৃহাৰা হোৱাৰ বাবেই একমাত্ৰ ভায়েকক পৰিচৰ্যা কৰিবলৈ আন কোনোৱেই নাছিল ।সেয়ে নিজৰ সংসাৰ কথা নাভাবি স্বামীগৃহৰ পৰা উভতি আহিলে তেওঁ। নগাঁৱৰ কহুঁৱাতলীতে এটি সৰু ভাড়াঘৰত থাকিয়েই চলাই গৈছে জীৱন সংগ্ৰাম।সমনীয়াৰ সৈতে ওমলাৰ বয়সতেই শাৰীৰিক সক্ষমতা হেৰুৱাই পেলোৱা ভাতৃয়ে প্ৰাতঃকৰ্ম সমাপন কৰাৰ পৰা গা ধুওৱা, আহাৰ খুৱাই দিয়া, দাঢ়ি-চুলি কাটি দিয়া, কাপোৰ পিন্ধাই দিয়া আদি সকলোবোৰ কৰি তেওঁ ওলাই যায় কামলৈ ।হুইল চেয়াৰতেই জীৱন আৱদ্ধ হৈ পৰা একমাত্ৰ ভাতৃৰ বাবে যেন তেওঁ হৈ পৰিছে এগৰাকী মাতৃও । আজি বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটোত এই কৰুণ কাহিনীয়ে সকলোকে যেন সোঁৱৰাই দিছে প্ৰতিবন্ধী সকলৰ প্ৰতি আমাৰ প্ৰতিগৰাকী লোকৰে দায়িত্ববোধৰ কথা। যদি এই ভাতৃ-ভগ্নীহালক কোনো ব্যক্তিয়ে সহায় আগবঢ়াব খোজি তেন্তে পম্পী বৰদলৈৰ নামত থকা ভাৰতীয় ষ্টেট বেংকৰ হয়বৰগাঁও শাখাত থকা SBIN0005462 IFSC কোডৰ 37630560111 নম্বৰৰ একাউণ্টত আগবঢ়াব পাৰে আপোনাৰ সহায়ৰ হাত ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296