আজমলক গৰিহণা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

এআইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে কৰা মন্তব্যক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত ।ৰাজ্যৰ ৰাজনৈতিক অৰাজনৈতিক বিভিন্ন দল সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি ধিক্কাৰ জনোৱাৰ লগতে বিভিন্ন প্ৰতিক্ৰিয়া ও ব্যক্ত কৰিছে । অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কবিৰ উদ্দিন লস্কৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্তি কৰি কয়, “মৌলানা বদৰুদ্দিন আজমলে বৰাক উপত্যকাত আহি এনে সাম্প্ৰদায়িক মন্তব্য কৰি ৰাজনীতি কৰিব খুজিছে । কিন্তু তেওঁৰ এনে মন্তব্যই উপত্যকাত সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰিব পাৰে । লগতে এগৰাকী সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তি হৈ আন এজন সাংবিধানিক পদত থকা মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰি আজমলে কৰা তৰল মন্তব্যও গৰিহণা দিয়ে কবিৰ উদ্দিন লস্কৰে ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296