মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ ছিণ্ডিকেট !

পাণ,কণী,গৰু অথবা মাছৰ ছিণ্ডিকেট নহয়, ৰাজ্যত এতিয়া চলি আছে এম আৰৰ ছিণ্ডিকেট ।এচাম শিক্ষিতই জনস্বাস্থ্যলৈ গুৰুত্ব নিদি ঔষধৰ নামত আৰম্ভ কৰিছে দালালি আৰু গুণ্ডাগিৰি যাৰ বৰ্হিপ্ৰকাশ ঘটিল নগাঁৱত ।ময়ূৰৰ ৰাজসভাত যেন ফেউৰাৰ চিঞৰ ৷ জীৱনদায়িনী ঔষধৰ ব্যৱসায়ক লৈ খোৱা-কামোৰা, মাৰপিট,গুণ্ডাগিৰি ।নগাঁও চহৰৰ থানাৰোডত নিশা হঠাৎ হাল্লাবোল।যেন কোনো একশ্যনধৰ্মী চলচ্চিত্ৰৰ ছিকুৱেন্সহে চলিছে৷ জীৱনদায়িনী ঔষধক লৈ ৰাজ্যত চলি থকা কমিছনৰ বৃহৎ বজাৰখনৰ নগ্ন ৰূপ এয়া।একে কোম্পানীৰে যোৰহাটৰ এগৰাকী সতীৰ্থ আৰু নগাঁৱৰ একাংশ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ চমুকৈ এম আৰৰ মাজত প্ৰচণ্ড মাৰপিট।যোৰহাটৰ সীমান্ত শইকীয়া নামৰ এই সতীৰ্থ গৰাকীক ঘুচিয়াই,গুৰিয়াই আহত কৰিলে নগাঁৱৰ পলাশ বৰা নামৰ এইগৰাকী এম আৰে।সমগ্ৰ কাণ্ডত হাত উজান দিলে নগাঁৱৰ আন একাংশ এম আৰে।কাৰ্যতঃ উত্তপ্ত হৈ পৰিল নগাঁও চহৰৰ থানাৰোডৰ পৰিস্থিতি । পিছত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।লগে লগে আৰক্ষীয়ে থানালৈ লৈ আনে যোৰহাটৰ সীমান্ত শইকীয়া আৰু নগাঁৱৰ পলাশ বৰাক।সতীৰ্থ পলাশ বৰাক আৰক্ষীৰ জিম্মাৰ পৰা মোকলাবলৈ নগাঁও সদৰ আৰক্ষী নিবেশত নিশাই ভিৰ কৰিলেহি নগাঁৱৰ অৰ্ধশতাধিক এম আৰে।মাৰপিট কৰাৰ বাবে চাকৰি যোৱাৰ ভয়ত কম্পমান হৈ এইসকলে ভিৰ কৰিলেহি থানাত । কিন্তু লুকুৱাই ৰাখিলে ঘটনাৰ প্ৰকৃত সত্য । ঔষধৰ কমিছনৰ সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত সংবাদ মাধ্যমৰ আগতো নুখুলিলে মুখ । বৰঞ্চ ছালে-বেৰে কোবাই আগবঢ়ালে দায়সৰা মন্তব্য।কেৱল ইমানেই নহয় এইগৰাকী এম আৰে ঔদ্ধতালিৰ সীমা চেৰাই থানাত বাতৰি সংগ্ৰহ কৰি থকা সংবাদকৰ্মী প্ৰদান কৰিলে ভাবুকি।পিছত অৱশ্যে সংবাদকৰ্মীৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি পলায়ন কৰিলে মটৰ চাইকেলত উঠি।যোৰহাটৰ সীমান্ত শইকীয়াই এএছ -০৩ জেদ ০৪২২ নম্বৰৰ চাৰিচকীয়া নিজা বাহনখনৰে নগাঁৱত জীৱনদায়িনী ঔষধৰ যোগান ধৰিবলৈ অহাটোৱেই হ’ল অপৰাধ।  যাৰবাবে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা হ’ল তেওঁক ।কোম্পানীৰ পৰা নিজৰ শকত কমিছনৰ অংক কমি যোৱাৰ শংকাতেই এনেদৰেই এতিয়া গুণ্ডাগিৰি আৰম্ভ কৰিছে শিক্ষিতৰ লেবেল লগোৱা এম আৰ সকলে । জনস্বাস্থ্যলৈ পিঠি দি কোম্পানীৰ লোভনীয় প্ৰস্তাৱত এওঁলোকে পাহৰি পেলাইছে মানৱতাৰ সংজ্ঞা । যাৰ বাবে ঔষধক লৈ মাফিয়াৰ দৰে চলাই গৈছে ছিণ্ডিকেট । প্ৰশ্ন হয়, এইসকল শিক্ষিতক এতিয়া নিয়ন্ত্ৰণ কৰিব কোনে ?

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296