এটা বছৰ হিয়া ঢাকুৰিলে অনিমেষৰ মাতৃয়ে,কিন্তু …

গোলাঘাটৰ ছাত্ৰ নেতা অনিমেষ হত্যাকাণ্ডৰ এবছৰ সম্পূৰ্ণ হ’ল আজি। আজিৰ দিনটোতেই এদল জিঘাংসুৰ হাতত প্ৰাণ হেৰুৱাইছিল অনিমেষ ভূঞাই ।সেই দিনটো আছিল ২০২১ চনৰ ২৯ নবেম্বৰ।সম্পূৰ্ণ এটা বছৰ পাৰ হৈ গ’ল। কিন্ত আজিও ন্যায় নাপালে আনিমেষ ভূঞা নামৰ এজন দুৰ্ভগীয়া যুৱকে। এজাক উন্মত্ত মানুহে নেফানেফ কৰি পেলাইছিল আনিমেষৰ শৰীৰ।দিন-দুপৰতে মৰিয়াই মৰিয়াই মাৰি পেলোৱা হ’ল অনিমেষ ভূঞাক। কোনো এজন মানুহ আগবাঢ়ি নাহিল অনিমেষক বচাবলৈ। উদং হৈ পৰিছিল মাতৃৰ বুকু। এনেকৈয়ে এদল পশুতুল্য লোকৰ হাতত দিন দুপৰতে প্ৰাণ হেৰুওৱা অনিমেষ হত্যাকাণ্ডই উদঙাই দিছিল ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিৰ ফোঁপোলা স্বৰূপ। একাংশ উন্মত্ত লোকৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হোৱা অনিমেষ ভূঞাৰ মৃত্যুৱে তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ ৰাজ্যখনকে জোকাৰি গৈছিল। ৰাজ্যৰ সৰ্বত্ৰে দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবীও উঠিছিল।ঘটনাৰ সৈতে জড়িত ১৩ গৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ উপৰি মূল অভিযুক্ত হিচাপে চিনাক্ত নিৰোজ দাস ওৰফে ক’লা ল’ৰাক গ্ৰেপ্তাৰ কৰা হৈছিল।৭জন অভিযুক্তক আৰক্ষীৰ জিম্মাত লোৱাৰ বিপৰীতে ৫জনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। ফাষ্ট ট্ৰেক আদালতত চলা অনিমেষ হত্যাকাণ্ড গোচৰৰ এটা বছৰ পাৰ হ’ল। আজিও ভুক্তভোগী পৰিয়ালটোৱে নাপালে ন্যায়। চৰকাৰে ৫ লাখ টকা সাহায্য ঘোষণা কৰিয়েই দায় সামৰিলে। ৰাজপথত চলা হত্যাকাণ্ডৰ সাক্ষী দিবলৈ নোলাল কোনো এজন মানুহ। এনেকৈয়ে সময়ৰ হাতত হেৰাই যাব নেকি এদল উন্মত্ত, উন্মাদ, জীঘাংসু মানুহৰ নৃশংসতা।এখন চৰকাৰৰ আইন শৃংখলা পৰিস্থিতিৰ খামখেয়ালীৰ কথা।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296