‘অচ্ছে দিন’ৰ প্ৰভাৱেই পৰা নাই ঢকুৱাখনাত

শ্ৰেণীকোঠাৰ অভাৱত গছৰ তলত জীৱনৰ আদিপাঠ গ্ৰহণ এজাক শিশুৰ ।ঢকুৱাখনাত শ্ৰেণীকোঠাৰ অভাৱত গছৰ তলত শিক্ষা গ্ৰহণ শিক্ষাৰ্থীৰ ।স্বাধীনতাৰ ৭৫ বছৰ হ’ল। সমগ্ৰ দেশে উদযাপন কৰিছে স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী। আনহাতে,আমাৰ দেশে ভৰি দিলে 5G ৰ যুগত । কিন্তু এতিয়াও ঢকুৱাখনাত ছাত্ৰছাত্ৰীয়ে শিক্ষা ল’ব লগা হৈছে গছৰ তলত। ঢকুৱাখনা মহকুমাৰ বৰদলনী শিক্ষাখণ্ডৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ কাহিনী এয়া। ওভতা অয়েঙীয়া প্ৰাথমিক বিদ্যালয়ত শ্ৰেণী কোঠাৰ জৰাজীৰ্ণ ২০ ফুট দৈৰ্ঘ্যৰ এটি ঘৰতে পাঠদান হয় ৫টাকৈ শ্ৰেণীৰ ।দুখৰ বিষয় এয়ে যে স্বাধীনতাৰ ৭৫ বছৰ পিছতো অসমৰ এখন চৰকাৰী বিদ্যালয়ত চাৰিবেৰৰ ভিতৰত ডেস্ক বেঞ্চত নহয়,গছৰ তলত মাটিতে বহি শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীয়ে। ঢকুৱাখনা মহকুমাৰ বৰদলনী শিক্ষাখণ্ডৰ অন্তৰ্গত এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়, ওভতা অয়েঙীয়া প্ৰাথমিক বিদ্যালয়ত শ্ৰেণী কোঠাৰ অভাৱত মুকলি আকাশৰ তলতে চলিছে পাঠদান। জৰাজীৰ্ণ ২০ ফুট দৈর্ঘৰ এটি গৃহতে কৰিব লাগে ৫টাকৈ শ্ৰেণীৰ পাঠদান।ফলত দুটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক এনেদৰে গছৰ তলতে কৰিবলগীয়া হৈছে পাঠদান। ১৯৭৮ চনত স্থাপিত আৰু ২০১৩ বৰ্ষত চৰকাৰীকৰণ হোৱা বিদ্যালয়খনত বছৰ বছৰ ধৰি এনেদৰেই গছৰ তলতে চলি আহিছে পাঠদান। মাটিত বহিয়েই ভৱিষ্যতৰ সপোন দেখিব লগা এইসকল কণমানিয়ে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296