১১নবেম্বৰৰ পৰা ইউপিপিএলৰ অধিৱেশন

কোকৰাঝাৰত ইউপিপিএলৰ কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন কাৰ্যসূচী শুকুৰবাৰে অনুষ্ঠিত হৈ যায়। কোকৰাঝাৰৰ নিকটৱৰ্তী চন্দ্ৰপাৰা খেলপথাৰত অহা ১১ নবেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বিটিআৰৰ শাসকীয় দল ইউপিপিএলৰ তৃতীয় ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিবেশন । এই উপলক্ষে অলপতে কোকৰাঝাৰ চহৰৰ নিকটবৰ্তী চন্দ্ৰপাৰাৰ খেলপথাৰত অধিবেশনৰ লাইখুটাঁ স্থাপন কৰে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে । ইউপিপিএল জয় ধ্বনিৰে লাইখুঁটা স্থাপন কৰা সময়ত বিধায়কজনক সংগ দিয়ে ইউপিপিএলৰ ৰাজনৈতিক সচিব তথা পাৰিষদ মাধৱ ছেত্ৰী, দলৰ সাধাৰণ সম্পাদক মাউথি ব্ৰহ্ম হাজোৱাৰী, কাৰ্যবাহী সদস্য দাওবৈচা বড়ো ,উইলচন হাছদা ,পাৰিষদ মন্টু বড়ো ,পবিত্ৰ বড়ো, সঞ্জয় স্বৰ্গীয়াৰী, ইউপিপিএলৰ মহিলা কোষৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম সহ দলৰ কেইবাগৰাকী শীৰ্ষ নেতৃত্বই ।উল্লেখ্য যে , ইউপিপিএল দলৰ আগন্তুক অধিবেশনখনত বিটিআৰৰ অধীনস্থ দহখন জিলা সমিতিৰ পৰা প্ৰায় ছয় হেজাৰ প্ৰতিনিধি উপস্থিত থকাৰ লগতে উক্ত অধিবেশনতে দলৰ কেন্দ্ৰীয় নতুন সমিতি নতুনকৈ গঠন কৰা হ’ব । অধিবেশনৰ মুকলি সভাত বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা , বিজেপিৰ ৰাজ্যিক সভাপতি , ৰাজ্যৰ মুখ্যমন্ত্ৰী , অগপৰ সভাপতি সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হ’ব বুলি সদৰী কৰিছে । তদুপৰি মুকলি সভাত ৫০ ৰ পৰা ৭০ হেজাৰ ৰাইজ উপস্থিত থাকিব বুুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে বিধায়ক লৰেন্স ইছলাৰীয়ে । প্ৰণিধানযোগ্য যে লাইখুটাঁ স্থাপনৰ পূৰ্বে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই অধিবেশন অনুষ্ঠিত হ’বলগা চন্দ্ৰপাৰা খেলপথাৰ পৰিদৰ্শন কৰিছিল ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296