আফগানিস্তান সংকট : মোদী – পুটিনৰ দীঘলীয়া আলোচনা কিয়  ?

Share This Article

আফগানিস্তানৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ লগত দীঘলীয়া সময় আলোচনা কৰে ৷ প্ৰায় ৪৫ নিনিট সময়ৰ আলোচনাত দুয়োখন দেশৰ মুৰব্বী দুগাৰকীয়ে আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোকপাত কৰে ৷ লগতে কোভিড ১৯ সন্দৰ্ভত সহযোগিতামূলক আঁচনিৰ বিষয়েও আলোচনা কৰা হয় ৷

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে জাৰ্মানীৰ চেঞ্চলৰৰ লগতো আফগানিস্তানৰ পাৰিস্থিতি সন্দৰ্ভতো আলোচনাত মিলিত হৈছিল ৷সম্প্ৰতি ভাৰতে আফগানিস্তান সন্দৰ্ভত ‘ৱেট এণ্ড ৱাটছ’ নীতি গ্ৰহণ কৰিছে ৷ লগতে দেশখন আৱদ্ধ লোকসকলক উদ্ধাৰৰ ওপৰত প্ৰাথমিক গুৰুত্ব প্ৰদান কৰিছে ৷

ৰাছিয়াই ইতিমধ্যে আফগানিস্তানৰ তালিবান চৰকাৰৰ সমৰ্থনত থিয় হৈছে ৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.