সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আফগানিস্তান সংকট : মোদী – পুটিনৰ দীঘলীয়া আলোচনা কিয়  ?

আফগানিস্তানৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ লগত দীঘলীয়া সময় আলোচনা কৰে ৷ প্ৰায় ৪৫ নিনিট সময়ৰ আলোচনাত দুয়োখন দেশৰ মুৰব্বী দুগাৰকীয়ে আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোকপাত কৰে ৷ লগতে কোভিড ১৯ সন্দৰ্ভত সহযোগিতামূলক আঁচনিৰ বিষয়েও আলোচনা কৰা হয় ৷

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে জাৰ্মানীৰ চেঞ্চলৰৰ লগতো আফগানিস্তানৰ পাৰিস্থিতি সন্দৰ্ভতো আলোচনাত মিলিত হৈছিল ৷সম্প্ৰতি ভাৰতে আফগানিস্তান সন্দৰ্ভত ‘ৱেট এণ্ড ৱাটছ’ নীতি গ্ৰহণ কৰিছে ৷ লগতে দেশখন আৱদ্ধ লোকসকলক উদ্ধাৰৰ ওপৰত প্ৰাথমিক গুৰুত্ব প্ৰদান কৰিছে ৷

- Donation -

ৰাছিয়াই ইতিমধ্যে আফগানিস্তানৰ তালিবান চৰকাৰৰ সমৰ্থনত থিয় হৈছে ৷

 

 

Leave A Reply

Your email address will not be published.