এটা চিগাৰেটৰ বাবেই নিৰুদ্দেশ মেৰাপানীৰ ৰঞ্জন

Share This Article

বহিঃৰাজ্যৰ এটা ৰাজহুৱা স্থানত চিগাৰেট হুপি আইন উলংঘা কৰি নিৰুদ্দিষ্ট হৈছে গোলাঘাটৰ মেৰাপানীৰ এজন যুৱক। কৰ্মসূত্ৰে বেংগালুৰুলৈ যোৱা মেৰাপানীৰ ২ নং চৰাইমাৰীৰ ৰঞ্জন গগৈ নামৰ যুৱকজনে যোৱা ৩০ নৱেম্বৰত নিজ গৃহলৈ বুলি ৰে’লযোগে আহিবলৈ উপস্থিত হৈছিল কৰ্ণাটকৰ কৃষ্ণাৰাজাপুৰম ৰে’ল ষ্টেচনত। কিন্তু সেই ষ্টেচনটোতে যুৱকজনৰ এটা চিগাৰেট হুপিবলৈ ইচ্ছা যোৱাত ৰাজহুৱা স্থানত চিগাৰেট হুপি থাকোতেই ৰেলৱে আৰক্ষীৰ দৃষ্টিগোচৰ হয় আৰু যুৱকজনক আটক কৰি জৰিমনা বিচৰাৰ লগতে তেওঁৰ লগত থকা ম’বাইল ফোনটো জব্দ কৰে। এই ঘটনাত যুৱকজনে ভীতিগ্ৰস্ত হৈ ৰে’লৱে আৰক্ষীৰ থানাৰ পৰা ম’বাইল ফোন এৰি পলায়ন কৰে। এই ঘটনাৰ পাছৰে পৰা যুৱকজনৰ সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই পৰিয়ালবৰ্গই।উক্ত ঘটনাৰ সন্দৰ্ভত কৰ্ণাটকৰ ৰেল আৰক্ষীয়ে যুৱকজনৰ ম’বাইল যোগে পৰিয়ালৰ লোকক যোগাযোগ কৰি ঘটনাৰ সবিশেষ জনোৱাৰ লগতে জৰিমনা আদায় দি ম’বাইল ফোনটো লৈ যাবলৈ কয়। কিন্তু যুৱকজনৰ সম্পৰ্কত আৰক্ষীয়ে একো নাজানে বুলি অৱগত কৰে।ইফালে নিজৰ একমাত্ৰ পুত্ৰৰ সন্ধানহীন হোৱা খবৰত বিগত এমাহ ধৰি উদ্বিগ্ন হৈ আছে ৰঞ্জন গগৈৰ পিতৃ- মাতৃৰ লগতে পৰিয়ালবৰ্গ। ইতিমধ্যে যুৱকজনৰ সন্ধানত তেওঁৰ পিতৃয়ে ৰে’লৱে আৰক্ষীৰ লগতে মেৰাপানী আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীৰ পৰা কোনো সদোত্তৰ লাভ কৰা নাই। এই ক্ষেত্ৰত অসম চৰকাৰৰক যুৱক জনৰ সন্ধান উলিওৱাত সহায় কৰাৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। নিৰুদ্দিষ্ট যুৱক ৰঞ্জন গগৈৰ সন্দৰ্ভত কিবা তথ্য লাভ কৰিলে সমীপৰ আৰক্ষী থানা অথবা 8453414514 আৰু 6002485862 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.