সোণগুটি নাই,তথাপিও আনন্দ কামপুৰত

আঘোণ মানেই কৃষকৰ সপোন পুৰণ হোৱাৰ সময় ।পুনৰ আহিছে আঘোণ। সোণগুটিৰে পথাৰ সোণোৱালী হোৱাৰ সময়। দাৱনীৰ কাঁচীৰ কেচ কেচ শব্দ আৰু কৃষকে ধানৰ ডাঙৰী কঢ়িয়াই নি পিঠি কান্ধ বিষ কৰাৰ সময় ।আঘোণৰ সোণগুটি সোণোৱালী হৈ পৰা আঘোণৰ পথাৰে ৰিঙিয়াই মাতে চহা কৃষক দাৱনীক। মূৰৰ ঘাম মাটিত পেলাই কৰা শ্ৰমৰ ফচল এতিয়া চপোৱাৰ সময়৷ সেয়ে বিহু গীত, বিয়া নাম কাঁচীৰ কেচকেচ শব্দই মূখৰিত হৈ পৰাৰ সময়ত উচাহ নাই নগাঁও জিলাৰ ৰহা আৰু কামপুৰ অঞ্চলত ।বানে ধুই নিয়া কৃষকৰ মন সেমেকা।বছৰটোৰ বাবে অন্নমুঠি যোগাৰ কৰিব নোৱাৰি মূৰে কপালে হাত দিছে কৃষকে।তথাপিও কোনো কোনো ঠাইত কৃষকে যি দুই এবিঘা মাটিত ভূঁই ৰুই বছৰটোৰ বাবে পেটৰ ভাত মুঠি যোগাৰ কৰাৰ চিন্তা কৰিছিল সেই লখিমীকে ঘৰলৈ চপাই আনিবলৈ এতিয়া কৃষকৰ মনত পাৰ ভঙা আনন্দ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296