ৰূপালী জয়ন্তী বৰ্ষত অন্ত পৰিল পৰাগ কুমাৰ দাস সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা

Share This Article

শ্ৰেষ্ঠ তাৰ্কিক ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গুন্জন ৰাজবংশী, শ্ৰেষ্ঠ দল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ

৪৬ তাৰ্কিকৰ অংশগ্ৰহণ, অধ্যক্ষৰ আসনত প্ৰাক্তন ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকা

গুৱাহাটী, ২১ নবেম্বৰ: অবশেষত অন্ত পৰিল ২৫ বছৰীয়া পৰাগ কুমাৰ দাস সোঁৱৰণী সদৌ অসম আন্ত: মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ। ঐতিহ্যমণ্ডিত প্ৰতিযোগিতাখনৰ ৰূপালী জয়ন্তী বৰ্ষত আজি মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত অন্তিম বাৰলৈ অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাত ভট্টদেৱ বিশ্ববিদ্যালয় প্ৰথম শ্ৰেষ্ঠ দল, .গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় দ্বিতীয় শ্ৰেষ্ঠ দল, যোৰহাটৰ জে বি কলেজে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে। ইফালে, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গুন্জন ৰাজবংশীয়ে ব্যক্তিগতভাৱে প্ৰথম শ্ৰেষ্ঠ তাৰ্কিক, নেচনেল ল বিশ্ববিদ্যালয়ৰ তৌহিদ আলমে দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক আৰু দৰং কলেজৰ মনোজ কুমাৰ বৰুৱাই তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে। উদগণি বঁটা লাভ কৰে বাহনা কলেজৰ সুদীপ্ত শইকীয়াই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাৰ অধ্যক্ষতাত অনুষ্ঠিত অন্তিম পৰাগ কুমাৰ দাস সোঁৱৰণী সদৌ অসম আন্ত: মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২৩ খন কলেজ/ বিশ্ববিদ্যালয়ৰ ৪৬ গৰাকী তাৰ্কিকে অংশগ্ৰহণ কৰে। আজি বিচাৰকৰ দায়িত্ব পালন কৰে ঐতিহ্যমণ্ডিত প্ৰতিযোগিতাখনৰ ১৯৯৮ চনৰ শ্ৰেষ্ঠ তাৰ্কিক তথা বৰ্তমান যোৰহাটৰ নকছাৰি মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ মূৰব্বী ড: কুমুদ ঘোষ, প্ৰতিযোগিতাখনৰ ২০০০ চনৰ শ্ৰেষ্ঠ তাৰ্কিক তথা বৰ্তমান এক বহুজাতিক কোম্পানীত নতুন দিল্লীত কৰ্মৰত অভিজিৎ কাশ্যপ বৰা আৰু প্ৰতিযোগিতাখনৰ ২০০০ চনৰ শ্ৰেষ্ঠ তাৰ্কিক তথা বৰ্তমান কলকাতাৰ নিউজ ৱেব পৰ্টেল ট্ৰাইব টুমৰো নেটৱৰ্কৰ মুখ্য সম্পাদক দেৱৰূপা ভট্টাচাৰ্যই। ২৫ বছৰীয়া এই গৌৰবময় যাত্ৰাক প্ৰতিফলিত কৰাকৈ এখন আটকধুনীয়া ফটো প্ৰদৰ্শনী আৰু স্মৰণিকা প্ৰকাশ পায়। প্ৰতিযোগিতাৰ অন্তত ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান তথা বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। অন্তিম বৰ্ষৰ প্ৰতিযোগিতাৰ বিষয় আছিল- ‘কেৱল অধিক ক্ষমতা কেন্দ্ৰীভূত কৰাৰ স্বাৰ্থতে কেন্দ্ৰীয় চৰকাৰ উত্তৰ পূব ভাৰতৰ আন্ত:ৰাজ্যিক সীমা বিবাদ সমাধানত আগ্ৰহী নহয়’ – (Solely for centralizing more power, the Union Government is not interested in resolution of the inter-state border disputes of North -East of India.)। প্ৰথমবাৰৰ বাবে পৰাগ কুমাৰ দাস সোঁৱৰণী সদৌ অসম আন্ত: মহাবিদ্যাসয় তৰ্ক প্ৰতিযোগিতা এইবাৰ অনলাইনতো উপলব্ধ হয়। প্ৰতিযোগিতাত ব্যক্তিগতভাৱে প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান অৰ্জন কৰা প্ৰতিযোগী তিনিজনে ক্ৰমে নগদ পোন্ধৰ হাজাৰ, দহ হাজাৰ, সাত হাজাৰ টকাৰ উপৰি পৰাগ কুমাৰ দাস স্মাৰক বঁটা লাভ কৰিব। দলীয়ভাৱে প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰা কলেজ বা বিশ্ববিদ্যালয়ে পৰাগ কুমাৰ দাস স্মাৰক বঁটাৰ উপৰি লাভ কৰিব চলন্ত বঁটা। পৰাগ কুমাৰ দাস স্মৃতি ৰক্ষা সমিতিৰ সভাপতি উদয়াদিত্য ভৰালীক উদ্যোক্তাসকলে তেওঁৰ প্ৰতিযোগিতাখনলৈ ২৫ বছৰীয়া অবদানৰ প্ৰতি সন্মান জনাই এখন শৰাই, এৰি চাদৰ, গামোছাৰে সম্বৰ্ধনা জনায়। স্মৰণিকা উন্মোচন আৰু বঁটা বিতৰণ কৰে প্ৰাক্তন ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকা, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, সমিতিৰ সভাপতি উদয়াদিত্য। ভৰালী, জি এন আৰ চিৰ সন্চালক ডা০ নোমল বৰাই। পৰাগ কুমাৰ দাস স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক পৰম প্ৰকাশ গগৈয়ে জনোৱা মতে ছাত্ৰ জীৱনৰ সুদক্ষ তাৰ্কিক পৰাগ কুমাৰ দাস এগৰাকী শক্তিশালী সুবক্তাও আছিল আৰু অহা বছৰৰপৰা সেয়েহে তৰ্ক প্ৰতিযোগিতাৰ সলনি পৰাগ কুমাৰ দাস সোঁৱৰণী বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হব।

স্বাক্ষৰ:

পৰম প্ৰকাশ গগৈ।
৯৪৩৫০৪৮২৬৮

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.