১০ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা ২০২২

Share This Article

” গ্ৰন্থই মানুহৰ মননশীলতা জৰ্জৰিত কৰি তোলে।বৌদ্ধিক আন্দোলন তৰাম্বিত কৰাত গ্ৰন্থমেলা সমূহে অপৰিসীম ভূমিকা গ্ৰহণ কৰি আহিছে। ” – ভক্স পপুলিৰ উদ্যোগত গোলাঘাট জিলা প্ৰশাসন আৰু বিভিন্ন দল- সংগঠনৰ সহযোগত শুকুৰবাৰৰপৰা গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা-২০২২ৰ দ্বাৰ উদ্বোধন কৰি এইদৰে কয় ৰাজ্যৰ বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকাই। তেওঁ কয় যে গ্ৰন্থই মানুহৰ জীৱনক মহীয়ান কৰি তোলাৰ লগতে আনন্দও প্ৰদান কৰে।গ্ৰন্থ হ’ব পাৰে মানুহৰ জীৱনৰ সৰ্বোত্তম বন্ধু। উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই পৌৰোহিত্য কৰা গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে সাধাৰণ সম্পাদক দেৱজিৎ ফুকনে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি কৃষিমন্ত্ৰী অতুল বৰাই কয় যে – “দীৰ্ঘদিনৰ পৰা ভক্স পপুলিয়ে বৌদ্ধিক আলোড়ন সৃষ্টিৰ স্বাৰ্থত গ্ৰন্থমেলাৰ আয়োজন কৰি আহিছে। অসমৰ চুকে কোনে এনে সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা অনুষ্ঠিত হওঁক, যি হ’ব এটা জীয়া জাতিৰ লক্ষণ।” কেইবা শতাধিক সাহিত্যনুৰাগীৰ উপস্থিতিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত গোলাঘাটৰ জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুৰব্বী ড° কাজল শইকীয়া, লণ্ডন নিবাসী প্ৰবাসী ভাৰতীয় ডাঃ প্ৰকাশ চন্দ্ৰ কাকতি, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি পূৰ্ণ ৰাজখোৱা প্ৰামুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শিক্ষাবিদ উপেন দত্তৰ স্মৃতিত উচৰ্গিত মঞ্চত তেওঁৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে গোলাঘাটৰ জিলা উপায়ুক্তই। উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলাৰ মূল দ্বাৰ ফিটা কাটি উদ্বোধন কৰে জনপ্ৰিয় সাহিত্যিক ৰঞ্জু হাজৰিকাই। উল্লেখ্য যে গ্ৰন্থমেলাৰ কেউটা দিনতে ছাত্ৰ -ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা, বক্তৃতা অনুষ্ঠান, অন্তৰংগ অলপ, বিজ্ঞান প্ৰদৰ্শনী, কবি সন্মিলন আদি অনুষ্ঠিত হ’ব। তদুপৰি গ্ৰন্থমেলাৰ বাকৰিত এইবৰ প্ৰবীণ-নবীন লেখকৰ বহু কেইখন গ্ৰন্থ উন্মোচন কৰা হ’ব। শতাধিক গ্ৰন্থ প্ৰকাশন গোষ্ঠীয়ে অংশ লোৱা গ্ৰন্থমেলাত আৰম্ভণিৰ দিনটোতেই গ্ৰন্থ প্ৰেমীৰ অভূতপূৰ্ব সঁহাৰি পৰিলক্ষিত হয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.