ৰাজ্যপালৰ বিলৈ !

Share This Article

‘মই কাৰো হৈ কাম কৰা নাই।মই কাৰো এজেণ্ডা কাৰ্যকৰী কৰা নাই। মোক তেনেকুৱা কিবা প্ৰমাণ দিলে,মই পদত্যাগ কৰিম।’ ৰ’ব,ৰ’ব -এই স্বীকাৰোক্তি কোনো দলীয় নেতা বা কাৰ্যকৰ্তাৰ নহয়,এই স্বীকাৰোক্তি দেশৰ এখন ৰাজ্যৰ ৰাজ্যপালৰ। কালৰো কাল বিপৰীত কাল,হৰিণাই চেলেকে বাঘৰ গাল !ৰাজ্যপালে নিৰপেক্ষতাৰ চাৰ্টিফিকেট নিজেই দিবলগীয়া হৈছে এইখন দেশত।’মই আৰএছএছৰ এজেণ্ডা কাৰ্যকৰী কৰা নাই ।ৰাজনীতিকৰণ কৰা মানে কি?মই যদি কাৰোবাৰ হেঁচাত কাম কৰিছোঁ,তেতিয়াহে ৰাজনীতিকৰণ কৰা হ’ব৷মোক এটা উদাহৰণ দিয়ক ‘ -এনেদৰে সমালোচকক স্পষ্টীকৰণ দিছে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে।উল্লেখ্য যে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন নেতৃত্বাধীন চৰকাৰ আৰু ৰাজ্যখনৰ ৰাজ্যপাল আৰিফ মহম্মদ খানৰ মাজত মতবিৰোধক লৈ মঙলবাৰে বাওঁ দলবোৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল।শাসক আৰু বিৰোধী দুয়ো পক্ষই কেৰালাৰ ৰাজ্যপালৰ বিভিন্ন কামকাজক লৈ অসন্তুষ্ট।শেহতীয়াকৈ কেৰালাৰ বিশ্ববিদ্যালয়বোৰত উপাচাৰ্য নিযুক্তিক লৈ মতবিৰোধ বাঢ়িছে ৰাজ্যপাল আৰু শাসক দলৰ মাজত।অৱশ্যে ৰাজ্যপালে সংবিধান আৰু আইন অনুসৰি এই সকলক নিযুক্তি দিয়া বুলি উল্লেখ কৰিছে।“মোক এনেকুৱা এটা নাম দিয়ক,যি আৰএছএছ বা বিজেপিৰ লগত জড়িত আৰু মই উপাচাৰ্য হিচাপে নিযুক্তি দিছোঁ।কোনোবাই যদি মোক তেনেকুৱা এটাও নাম দেখুৱাই দিব পাৰে,মই পদত্যাগ কৰিম।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.