ওদালগুৰি জিলা উপায়ুক্তক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্মাৰকপত্ৰ প্ৰদান।

ওদালগুৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শুকুৰবাৰে উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োলৈ ওদালগুৰি পৌৰসভাই অত্যধিক হাৰত সংগ্ৰহ কৰি থকা পৌৰ সম্পত্তি কৰ আদায় বন্ধ কৰাৰ দাবীত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।ওদালগুৰি পৌৰসভাই ২০২২ চনৰ ১ এপ্ৰিলক সময়সীমা ধৰি নতুন নোৰিখত অস্বাভাৱিক আৰু বৰ্ধিত হাৰত পৌৰ কৰ আদায় কৰি আছে।উল্লেখনীয় যে অসম চৰকাৰৰ গৃহ আৰু নাগৰিক পৰিক্ৰমা বিভাগৰ এক অধিসুচনা মৰ্মে ৰাজ্যখনৰ বাকী পৌৰসভা সমুহত ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰাহে নতুন নিৰিখৰ পৌৰ কৰ সংগ্ৰহ কৰিব।তেনেক্ষেত্ৰত ওদালগুৰি পৌৰসভাৰ অন্তৰ্গত পৰিয়ালসমুহে এবছৰ অতিৰিক্ত ভাৱে কৰ বহন কৰিবলগা হব।ইয়াৰ উপৰি অইন পৌৰসভাই স্ব-মূল্যায়নৰ সুবিধা দিছে যদিও ওদালগুৰি পৌৰসভাই স্ব- মূল্যায়নৰ সুবিধা নিদি নিজাববীয়াকৈ মুল্যায়ন কৰি আছে আৰু অসমৰ ভিতৰতেই সৰ্বপ্ৰথম ওদালগুৰি পৌৰসভাই ‘পাইলট প্ৰজেক্ট’ৰ নামত পৌৰসম্পত্তি কৰ অস্বাভাৱিক হাৰত বৃদ্ধি কৰি সংগ্ৰহ কৰি আছে।পৌৰ নাগৰিকৰ মতামত নোলোৱাকৈ ৰাইজৰ পৰা বৰ্দ্ধিত কৰ সংগ্ৰহ বন্ধৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি তথা কেন্দ্ৰীয় উপ-সভাপতি দীপক শৰ্মা,ওদালগুৰি জিলাৰ সাধাৰণ সম্পাদক সৎৰাম বড়াই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু বি টি চি ৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296