গুৱাহাটীৰ চৌদিশে পানী : খাবলৈ এটুপি নাই

নেৰানেপেৰা বৰষুণে স্তব্ধ কৰি পেলাইছে গুৱাহাটী মহানগৰ ৷ সোমবাৰে নিশাৰ পৰা আৰম্ভ হোৱা বৰষুণ এতিয়াও শাম কটা নাই ৷ বতৰ বিজ্ঞান বিভাগে ১৭ জুন পৰ্যন্ত বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে ৷ ইপিনে , মূষলধাৰ বৰষুণৰ ফলত গুৱাহাটীৰ অধিকাংশ অঞ্চল কৃত্ৰিম বানৰ কবলত সোমাই পৰিছে ৷ বানৰ কবলত থকা অঞ্চলসমূহত বিদ্যুৎ সেৱা বিচ্ছিন্ন কৰি দিয়া হৈছে ৷ ইয়াৰ লগে লগে অঞ্চলসমূহত খোৱা পানীৰ তীব্ৰ সংকটৰ সৃষ্টি হৈছে ৷গুৱাহাটী পৌৰ নিগমে খোৱা পানী যোগানৰ ব্যৱস্থা কৰিছে যদিও অধিকাংশ লোকেই এতিয়াও খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে ৷ যিসমূহ পাৰিয়ালে খোৱা পানী লাভ কৰিছে , তেওঁলোকেও এই পানী পৰ্যাপ্ত নহয় বুলি মন্তব্য কৰিছে ৷ একোটা পৰিয়ালক মাত্ৰ ২ লিটাৰকৈহে মিনাৰেল ৱাটাৰৰ বটল যোগান ধৰা হৈছে বুলি বানাক্ৰান্ত ৰাইজে অভিযোগ কৰিছে ৷ ইপিনে , গুৱাহাটীত কৃত্ৰিম বানে অভাবনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছতো কোনো এজন জনপ্ৰতিনিধিয়ে ৰাইজৰ খবৰ নোলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপণ হৈছে ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296