সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গুৱাহাটীৰ চৌদিশে পানী : খাবলৈ এটুপি নাই

নেৰানেপেৰা বৰষুণে স্তব্ধ কৰি পেলাইছে গুৱাহাটী মহানগৰ ৷ সোমবাৰে নিশাৰ পৰা আৰম্ভ হোৱা বৰষুণ এতিয়াও শাম কটা নাই ৷ বতৰ বিজ্ঞান বিভাগে ১৭ জুন পৰ্যন্ত বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে ৷ ইপিনে , মূষলধাৰ বৰষুণৰ ফলত গুৱাহাটীৰ অধিকাংশ অঞ্চল কৃত্ৰিম বানৰ কবলত সোমাই পৰিছে ৷ বানৰ কবলত থকা অঞ্চলসমূহত বিদ্যুৎ সেৱা বিচ্ছিন্ন কৰি দিয়া হৈছে ৷ ইয়াৰ লগে লগে অঞ্চলসমূহত খোৱা পানীৰ তীব্ৰ সংকটৰ সৃষ্টি হৈছে ৷গুৱাহাটী পৌৰ নিগমে খোৱা পানী যোগানৰ ব্যৱস্থা কৰিছে যদিও অধিকাংশ লোকেই এতিয়াও খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে ৷ যিসমূহ পাৰিয়ালে খোৱা পানী লাভ কৰিছে , তেওঁলোকেও এই পানী পৰ্যাপ্ত নহয় বুলি মন্তব্য কৰিছে ৷ একোটা পৰিয়ালক মাত্ৰ ২ লিটাৰকৈহে মিনাৰেল ৱাটাৰৰ বটল যোগান ধৰা হৈছে বুলি বানাক্ৰান্ত ৰাইজে অভিযোগ কৰিছে ৷ ইপিনে , গুৱাহাটীত কৃত্ৰিম বানে অভাবনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছতো কোনো এজন জনপ্ৰতিনিধিয়ে ৰাইজৰ খবৰ নোলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপণ হৈছে ৷

Leave A Reply

Your email address will not be published.