ডাষ্টবিন হ’লগৈ চৰকাৰী আদৰ্শ গাঁৱৰ কুঁৱা

Share This Article

খীৰতি গাইত পৰিণত হৈছে নেকি অসম চৰকাৰৰ আদৰ্শ গাঁও যোজনা । কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত কলাইখোৱা আদৰ্শ গাঁৱত উন্নয়নৰ নামত কি ঘটিছে ?ৰাজ্যত আদৰ্শ গাওঁ নিৰ্মাণ প্ৰকৃততে এক চূড়ান্ত প্ৰহসনলৈ পৰিণত হৈছে।বঢ়মপুৰ সমষ্টিৰ নিজকামপুৰ গাঁও পঞ্চায়তৰ কলাইখোৱা আদৰ্শ গাঁৱৰ বিননি শুনিব শুনোতা কোনো নাই।চৰকাৰী কুঁৱাৰ ভিতৰত পানীৰ সলনি জমা হৈছে জাৱৰ।বাসস্থানৰ অভাৱত চকুলো টুকিছে জনতাই।
বাট পথৰ অৱস্থাত চকুৰে সৰিয়হ ফুল দেখিছে স্থানীয় ৰাইজে।অংগনবাড়ী কেন্দ্ৰবোৰতো গৃহ আৰু খোৱাপানী অভাৱ।ফটো অথবা ভুক্তভোগীয়ে কেতিয়াও মিছা কথা নকয়।দিছপুৰৰ বৰমুৰীয়া সকলে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কঠিয়াতলী উন্নয়ন খণ্ডৰ নিজকামপুৰ গাওঁ পঞ্চায়তৰ কলাইখোৱা আদৰ্শ গাঁৱত উন্নয়নৰ নামত কি চলিছে তাৰ খবৰেই ৰখা নাই জানিব পৰা মতে, ২০১১ চনতে কলাইখোৱা গাঁৱক আদৰ্শ গাঁও হিচাবে স্বীকৃতি দিয়া হয়। কিন্তু দহবছৰৰ পিছতো গাওঁখনৰ বিশেষ উন্নয়ন নহ’ল।আদৰ্শগাঁও হিচাপে স্বীকৃতি পোৱাৰ পিছত দুটাকৈ ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ’ল যদিও এটা পেক্ষাগৃহৰ কাম বৰ্তমানেও আধৰুৱা অৱস্থাতেই আছে৷ অভিযোগ মতে খোৱাপানীৰ পাঁচটাকৈ কুঁৱাৰ বৱস্থা কৰিলে যদিও সেই কুঁৱাৰ পৰা পানী খাবলৈ পোৱা নাই ৰাইজে।পেলনীয়া সামগ্ৰীত পৰিণত হোৱা কুঁৱা কেইটাৰ ভিতৰত দেখিবলৈ পোৱা যায় দ’ম দ’ম জাৱৰ।পথৰ দুৰৱস্থাত হাহাকাৰ কৰিছে ৰাইজে।জুপুৰীৰ তলতেই বহুলোকে বাস কৰিছে যদিও চৰকাৰীভাৱে উপযুক্ত লোকক চৰকাৰী আৱাসগৃহৰ ব্যৱস্থা কৰা নাই। কঠীয়াতলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ইয়াত এটা অংগনবাড়ী কেন্দ্ৰ আছে যদিও ৩২০ নং কেন্দ্ৰটোৰ গৃহ আৰু খোৱাপানীৰ অভাৱত ছাত্ৰ ছাত্ৰীয়ে হাহাকৰ কৰিছে।জানিব পৰা মতে বঢ়মপুৰ সমষ্টিৰ পূৰ্বৰ বিধায়ক প্ৰফূল্ল কুমাৰ মহন্তৰ সোঁহাত স্বৰূপ অসম গণ পৰিষদৰ বৰা উপাধি ধাৰী এজন নেতাই বহু কেইটা কামৰ ঠিকা লৈছিল। অকল মূনাফাৰ আশাত নেতাজনে ব্যাপক অনিয়ম কৰাৰ অভিযোগ উঠিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.