জিলিকিল গোলাঘাটৰ ৰিমঝিম

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিশু সৌন্দৰ্য প্ৰতিযোগিতাত উজলিবলৈ সক্ষম হৈছে গোলাঘাটৰ ৰিমঝিম হুছেইন বৰুৱা।যোৱা ৩,৪ আৰু ৫ ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিশু সৌন্দৰ্য প্ৰতিযোগিতাত অসমৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা গোলাঘাটৰ বামবৰাহী গাঁৱৰ বিকাশ হুছেইন বৰুৱা আৰু আছিফা বেগমৰ একমাত্ৰ কন্যা ৰিমঝিম হুছেইনে(ছয়) বিজয়ী মুকুট পিন্ধি অসমৰ লগতে গোলাঘাট জিলা খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।উল্লেখ্য যে গোলাঘাট কলাক্ষেত্ৰত মণিকাঞ্চন কলা নিকেতনে আয়োজন কৰা শিশু সৌন্দৰ্য প্ৰতিযোগিতাত প্ৰথম ৰাণাৰ্ছ আপ হৈ সৌন্দৰ্য প্ৰতিযোগিতাৰ জগতখনত প্ৰথম যাত্ৰাৰ খোজ দি পাছত গোলাঘাট নৰ্থ ইষ্ট বিজয়ী খিতাপ, যোৰহাট প্ৰথম ৰাণাৰ্ছ আপ, ডিব্ৰুগড় ব্ৰেণ্ড এম্বেছাদৰ খিতাপ আঁজুৰি আনিবলৈ সক্ষম হৈছিল।ৰিমঝিমৰ এই সফলতাই গাওঁ খনৰ লগতে অঞ্চলটোলৈ আনন্দৰ বন্যা বোৱাই আনিছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296