Investigative reporting with dedication.

ক’ভিড ভেকচিনৰ তৃতীয় পালি সম্পৰ্কত বিশেষ পৰামৰ্শ আগবঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOই। বিশ্ব স্বাস্থ্য সংস্থাৰ ভেকচিন পৰ্যালোচকসকলে সোমবাৰে জনাইছে যে দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লোকসকলে দুটাৰ পৰিৱৰ্তে তিনিটা ভেকচিনৰ পালি লোৱা উচিত। তৃতীয় বা অতিৰিক্ত ড’জটো যিকোনো বিধিবদ্ধ সংস্থাৰ হ’লেই চলিব। বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে সাৰ্বজনীনভাৱে তৃতীয় পালি ভেকচিন লোৱাৰ কোনো প্ৰয়োজন নাই। এই পৰামৰ্শ যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল তেওঁলোকৰ বাবেহে আগবঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থাই। ইতিমধ্যে ক’ভিডৰ বিৰুদ্ধে ব্যৱহাৰৰ বাবে ফাইজাৰ, বায়’টেক, জনছিন, এষ্ট্ৰোজেনেকা, ছিনোফাৰ্ম আৰু ছিমোভেকৰ টিকাক মান্যতা প্ৰদান কৰিছে সংস্থাটোৱে। অৱশ্যে লক্ষণীয়ভাৱে ভাৰত বায়’টেকৰ ভেকচিনক মান্যতা দিয়াক লৈ এতিয়াও দোমোজাত আছে বিশ্ব স্বাস্থ্য সংস্থা।




