ওদালগুৰি জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ●উপায়ুক্ত ডা° চাদনেক সিঙৰ সংবাদমেল সম্বোধন

Share This Article

ওদালগুৰি জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ●উপায়ুক্ত ডা° চাদনেক সিঙৰ সংবাদমেল সম্বোধন । ওদালগুৰি জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হয়। এই সন্দৰ্ভত ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বুধবাৰে জিলাখনৰ উপায়ুক্ত ডা° চাদনেক সিঙে এখন সংবাদমেল সম্বোধন কৰি খচৰা ভোটাৰ তালিকাত জিলা খনৰ পানেৰী , ওদালগুৰি আৰু মাজবাট বিধান সভা সমষ্টিৰ মুঠ ৪,৮৯,৫৭০ গৰাকী ভোটাৰৰ নাম সন্নিবিষ্ট হোৱা বুলি জানিবলৈ দিয়ে। ইয়াৰে ১,৫৯,৪০৬ গৰাকী পানেৰী , ১,৬২,৮৮১ গৰাকী ওদালগুৰি আৰু ১,৬৭,২৮৩ গৰাকী মাজবাট বিধানসভাৰ সমষ্টিৰ ভোটাৰ বুলি উপায়ুক্ত গৰাকীয়ে সংবাদমেলত সদৰী কৰে। আনহাতে খচৰা তালিকাৰ তথ্য অনুসৰি এইবাৰ জিলা খনত পূৰ্বৰ তুলনাত ১.৭১ শতাংশ ভোটাৰ বৃদ্ধি হৈছে। ইয়াৰ ভিতৰত পানেৰীত ১.২০ শতাংশ , ওদালগুৰিত ১.৩৮ শতাংশ আৰু মাজবাট সমষ্টিত সৰ্বাধিক ২.৫৩ শতাংশ ভোটাৰ বৃদ্ধি পাইছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.