অৱশেষত ঘোৰ নিদ্ৰা ভংগ ৰজাঘৰৰ! যাত্ৰীক আজিৰে পৰা লাইফ জেকেট পিন্ধি উঠোৱা হয় ফেৰীত

Share This Article

দেশ কঁপাই যোৱা নিমাতী ঘাটৰ শিহৰণকাৰী নাওঁ দুৰ্ঘটনায়ে বৰ্তমানেও শোক বিৰাজ কৰি আছে। মৰণ কাতৰ অৰ্তনাদবোৰ আজিও প্ৰত্যেক জন হৃদয়বান লোকৰ অন্তৰত বাজি আছে। চৰকাৰৰ চৰম গাফিলতিৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ বহুজনৰ আৰু তাৰ সমান্তৰাল ভাবে মাজুলীত দেখা গল ক্ষোভৰ বহি প্ৰকাশ। তীব্ৰ প্ৰতিবাদত কঁপি উঠিছিল মাজুলীৰ আকাশ বতাহ। তাৰ পাছতেই ঘোৰ নিদ্ৰা ভংগ হল চৰকাৰ তথা প্ৰশাসনৰ আৰু আজিৰে পৰা একক ইঞ্জিন চালিত ফেৰীসমূহ বন্ধ কৰি ছখনকৈ চৰকাৰী জাহাজৰ ব্যৱস্থা কৰে। আজিৰ পৰাই নিমাতী ঘাটত চলাচল আৰম্ভ হল চৰকাৰী জাহাজৰ আৰু কোনোকালেই পিন্ধি নপোৱা লাইফ জেকেট পিন্ধোৱা হয় যাত্ৰী সকলক। চৰকাৰৰ এই ব্যৱস্থাক আদৰণি জনায় সকলোৱে। বহুজন কলে এই প্ৰদক্ষেপ কেতিয়াবাই লব লাগিছিল। কিন্তু পলমকৈ লোৱা এনে কঠোৰতা যেন সদায় অব্যাহত থাকক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.