ধুবুৰীলৈ ‘নাযায়’ ৰকিবুল হুছেইন !

Share This Article

নগাঁৱত জেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে অলপতে এক সংবাদমেল সম্বোধন কৰে। ‘ভাৰত জোড়ো যাত্ৰা’ সন্দৰ্ভত নগাঁৱৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীৰ। সংবাদমেলত ৰকিবুল হুছেইনক সংগ দিলে বিধায়ক নুৰুল হুদা,বিধায়িকা শিৱামণি বৰাই। অসমত চলি থকা ‘ভাৰত জোড়ো যাত্ৰা-অসম’ কাৰ্যসূচীত অভূতপূৰ্ব সঁহাৰি কংগ্ৰেছে লাভ কৰিছে বুলি সংবাদমেলত মন্তব্য নেতা ৰকিবুল হুছেইনৰ। বিজেপিয়ে এআইইউডি এফক ৰাজনৈতিকভাৱে সুৰক্ষিত কৰি ৰাখিবলৈহে সমালোচনা কৰিছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক।  অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই  লিখা কবিতাক বিজেপিয়ে কৰা সমালোচনা সন্দৰ্ভতো মন্তব্য ৰকিবুল হুছেইনৰ। ধুবুৰীৰ পৰা লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্ন সন্দৰ্ভত এই বিষয়টো পোনচাতেই নাকচ কৰে ৰকিবুল হুছেইনে।’ভাৰত জোড়ো যাত্ৰা-অসম’ কাৰ্যসূচীয়ে ব্যাপক সঁহাৰি লাভ কৰা বুলি দাবী কৰে চামগুৰিৰ বিধায়কগৰাকীয়ে। আনহাতে, এআইউডিএফক বিজেপিয়ে সুৰক্ষা দিয়াৰ অভিযোগো তোলে ৰকিবুল হুছেইনে৷সংবাদমেলখনতে কোনো কাৰণতে তেওঁ ধুবুৰীৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা নকৰে বুলিও স্পষ্ট কৰি দিয়ে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.