গো-সুৰক্ষা আইনৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ প্ৰতিবাদ

গো-সুৰক্ষা আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি অখিল গগৈৰ আন্দোলনৰ ঘোষণা। বিধায়ক হোৱাৰ পিছত অখিল গগৈৰ নেতৃত্বত এয়া প্ৰথম আন্দোলন। বিধায়ক গৰাকীৰ মতে  ‘ৰাজ্যৰ বহু থলুৱা কৃষক গো পালনৰ লগত জড়িত হৈ আছে। যদিহে গো সুৰক্ষা আইন অসমত প্ৰবৰ্তন হয় তেতিয়া বহু সংখ্যক লোকৰ জীৱন নিৰ্বাহৰ যথেষ্ঠ অসুবিধাৰ সন্মুখীন হব। কভিডে ত্ৰাসৰ সৃষ্টি কৰাৰ পাছত দুবেলা দুমুঠিৰ বাবে চিন্তা কৰিব লগীয়া হৈছে কৃষক সকলৰ মাজত তেনে সময়তেই চৰকাৰে ক্ষতি পূৰণৰ ব্যৱস্থা নকৰি গো পালন অথবা ব্যৱসায়ৰ লগত জড়িত লোক সকলক মাধমাৰ দিবৰ বাবেই এই আইন আনিছে’ বুলি মন্তব্য কৰে। এই আইন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ অখিল গগৈৰ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296