বিশ্বনাথত ৰাসৰ ৰূপালী জয়ন্তী

আজিৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বিশ্বনাথৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ। ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰথম কাৰ্যসূচী হিচাপে তোৰণ উদ্বোধন কৰে প্ৰতিষ্ঠাপক সমিতিৰ সভাপতি আৰু সম্পাদকদ্বয়ে।তাৰ পিছতে বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰেলগেটস্থিত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণ কৰে অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ শইকীয়াই।ৰাস মহোৎসৱৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি নিৰঞ্জন হাজৰিকাই আৰু স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ কাৰ্যাকৰী সভাপতি বসন্ত বৰাই। ইয়াৰ পিছত ৰেলগেট ষ্টেডিয়ামৰ ৰাসস্থলীৰ পৰা আৰম্ভ কৰা হয় এক বিশাল ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা।এই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাটেই।এই শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যৰ দল তথা প্ৰায় দুই সহস্ৰাধিক ৰাইজ তথা আই মাতৃ সকলে অংশ গ্ৰহণ কৰে।এই ৰূপালী জয়ন্তী বৰ্ষৰ মুখ্য আকৰ্ষণ জনপ্রিয় গায়ক তথা হাৰ্টথ্ৰৱ জুবিন গাৰ্গ, অভিনেত্ৰী দ্বীপলিনা ডেকা,মেঘৰঞ্জনী মেধী, জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাইলুং আৰু ৰাকেশ।এই ৰাসত সুশোভিত বৃন্দাবনৰ লগতে অভূতপূৰ্ব দৃশ্য সজ্জা, স্থানীয় আৰু কলকাতাৰ দলৰ অত্যাধুনিক আলোক সজ্জাৰ লগতে বৰপেটাৰ আতচবাজী দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296