পথ নে পুখুৰী ধৰিবই নোৱাৰি ছালাকাটিত

কোকৰাঝাৰ আৰু ছালাকাটিৰ বিধস্ত পথ মেৰামতি কৰাৰ দাবীত এই প্ৰতিবাদ কৰিছে অঞ্চলটোৰ স্থানীয় জনসাধাৰণে।এনটিপিচিৰ ফ্লাইএচ কঢ়িওৱা গাড়ী আবদ্ধ কৰি স্থানীয় ৰাইজে কৰিলে প্ৰতিবাদ।কোকৰাঝাৰৰ ছালাকাটিত থকা এনটিপিচিৰ তাপবিদ্যুৎ প্ৰকল্পলৈ দৈনিক শ শ গধুৰ যান-বাহন চলাচল কৰাৰ পৰিণতিতে ছালাকাটিৰ দাঁতি কাষৰীয়া অঞ্চলসমূহৰ পথ যোগাযোগ বিধ্বস্ত হৈ পৰিছে ।এনটিপিচিয়ে চিএচআৰ আঁচনিৰ অধীনত নিয়মানুসৰি উদ্যোগটোৰ দাঁতি কাষৰীয়া অঞ্চলসমূহৰ উন্নয়ন সাধন কৰিব লাগে যদিও সেই বিষয়টোত এনটিপিচিয়ে গুৰুত্ব প্ৰদান নকৰাত পথসমূহৰ অৱস্থা অতি শোচনীয় হৈছে। ফলত বিদ্যালয় -মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী, ৰোগী , সাধাৰণ ৰাইজে সীমাহীন দূৰ্ভোগ ভূগিব লগা হৈছে।এনে এক পৰিৱেশৰ মাজতে আজি বাৰেগড়ত স্থানীয় ৰাইজে ৰাস্তা নিৰ্মানৰ দাবীত আৰু উক্ত ৰাস্তাৰে গধুৰ যান বাহনৰ চলাচলৰ প্ৰতিবাদত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে । উল্লেখ্য যে ছালাকাটিৰ এন টি পি চিৰ পৰা দৈনিকে শ শ ফ্লাইএচ কঢ়িওৱা ১৪/১৬ চকীয়া গধুৰ গাড়ী চলাচল কৰাৰ ফলত চৰাইখোলাৰ পৰা ছালাকাটি লৈ প্ৰায় ৭ কিলোমিটাৰ পথছোৱা যাতায়তৰ বাবে একেবাৰে অনুপযোগী হৈ পৰিছে । পথচোৱা জৰাজীৰ্ণ হৈ পৰাৰ লগতে ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ।পথচোৱাৰ এনে দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় জনতাই এনটিপিচি আৰু কোকৰাঝাৰ জিলা উপায়ুক্তক পথচোৱাৰ মেৰামতিৰ দাবীত তিনিমাহ পূৰ্বেই স্মাৰকপত্ৰ প্ৰদান কৰিছিল যদিও কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত আজি স্থানীয় ৰাইজে উক্ত পথটোৰে এনটিপিছিৰ ফ্লাইএচ কঢ়িওৱা গধুৰ যান বাহন সমূহৰ চলাচলত বাধা প্ৰদান কৰি পথ অৱৰোধ কৰে আৰু মেৰামতি নকৰা পৰ্যন্ত এনটিপিচিৰ গধুৰ যান বাহন চলাচল কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰে ।তদুপৰি স্থানীয় ৰাইজে এনটিপিচি আৰু জিলা উপায়ুক্তৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰি তিনিমাহৰ ভিতৰত পথচোৱাৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও পাঁচমাহ উকলি যোৱাৰ পিছতো কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত বিষয়টো বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ দৃষ্টি আকৰ্ষণ কৰে ।চৰকাৰে ৰাইজৰ মূল সমস্যা সমূহৰ প্ৰতি চকু দিলে জনসাধাৰণ উপকৃত হ’ব বুলি মন্তব্য কৰি স্থানীয় জনসাধাৰণে এনটিপিচিৰ বাবেই অঞ্চলটোত কাঁহ -চৰ্দি , এলাৰ্জীৰ সমস্যা বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296