এটা সপ্তাহতেই ফাটিল লাচিত প্ৰেম !

নিজৰ কীৰ্তি জাহিৰ কৰিবলৈহে দিল্লীত লাচিত দিৱস?আহোম বীৰৰ কীৰ্তিত গদগদ চৰকাৰে এসপ্তাহ পিছতে পাহৰিলে প্ৰতিষ্ঠাতা চুকাফাক৷বৰ অসমৰ প্ৰতিষ্ঠাতা চুকাফাৰ মৈদামৰ অৱস্থা তথৈৱচ।বনে -জংঘলে আগুৰি থকা মৈদামটোত চলিছে বেদখল।অসমৰ পৰা শ-শ মানুহ নি দিল্লীত লাচিত দিৱস পতা চৰকাৰৰ মনত নপৰিল চুকাফাৰ মৈদামলৈ ।আনকি তাত থকা চাইনবৰ্ডখনো গৈছে জহিখহি।১৬ আঘোণ,১২২৮ খ্ৰীষ্টাব্দসেই বিশেষ দিনটোতেই সৌমাৰখণ্ডত ভৰি থৈছিল চুকাফাই ৷টিপামত উপস্থিত হৈ স্বাধীন ৰাজ্য প্ৰতিষ্ঠাৰ শুভাৰম্ভ কৰিছিল চুকাফাই।চুকাফাৰ নামতেই ১৯৭৩ চনৰ ২ ডিচেম্বৰ তাৰিখটোত প্ৰথমবাৰৰ বাবে শদিয়াত আলফাৰ ৰাজনৈতিক উপদেষ্টা ভীমকান্ত বুঢ়াগোহাঁইৰ উদ্যোগত পালন কৰা হৈছিল চুকাফা দিৱস।যিজন চুকাফাই বিশ্বত সবাতোকৈ দীৰ্ঘ সময় অৰ্থাৎ ৬০০ বছৰ ৰাজত্ব কৰা আহোম ৰাজত্বৰ পাতনি মেলিছিল,সাত ৰাজ মাৰি এক ৰাজ কৰিছিল,সেইজন চুকাফাৰ মৈদাম আজি বেদখলৰ কবলত।সেই চুকাফাই প্ৰতিষ্ঠাতা কৰা আহোম সাম্ৰাজ্যৰে বীৰ লাচিতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ দিল্লীত অসম চৰকাৰে ব্যয় কৰিলে ১৬০ কোটি !১৬০ কোটি ব্যয় কৰি চেলা-চামুণ্ডাকো বিমানেৰে দিল্লীলৈ নিয়া চৰকাৰৰ কিন্তু আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চুকাফাৰ মৈদামৰ সংৰক্ষণৰ নামত ব্যয় কৰিবলৈ অভাৱ ধনৰ।লাচিতক ‘হিন্দু বীৰ’ বুলি প্ৰতিপন্ন কৰিবলৈ মুখ্যমন্ত্ৰীকে আদি কৰি সকলোৰে গা সাতখন আঠখন কৰি থকা চৰকাৰৰ কিন্তু ভ্ৰূক্ষেপ নাই চুকাফা মৈদামৰ প্ৰতি।কেৱল দেখুৱাবলৈহে কাম কৰা চৰকাৰখনৰ এনে অৱহেলাক কোনো কাৰণতে সহজভাৱে ল’ব নোৱাৰি বুলি কৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে প্ৰশ্ন কৰে ” চৰকাৰে লাচিত বৰফুকনক লৈ কৰা কামক লৈ অসমবাসী গৌৰৱান্বিত৷কিন্তু একেটা সময়তে আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা চুকাফাক প্ৰতি চৰকাৰৰ অনীহা কিয়?”

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296