শ্বেৰমান আলীৰ বিৰুদ্ধে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ

Share This Article

শ্বহীদক লৈ বিধায়ক শ্বেৰমান আলীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। শ্বেৰমান আলীৰ বিৰুদ্ধে কলাইগাঁৱত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আছুয়ে। শ্বেৰমান আলীৰ বিতৰ্কিত মন্তব্যক ধিক্কাৰ দি কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই আলীৰ প্ৰতিকৃতিও দাহ কৰে। ইয়াৰ বিপৰীতে শ্বেৰমান আলী উজনিলৈ আহিলেই বিপদ হ’ব বুলি হুংকাৰ দি গোলাঘাটত প্ৰতিবাদ সাব্যস্ত কৰিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। শ্বেৰমানক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ বুলি আহ্বান জনাইছে যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই। অৱশ্যে ৰাজ্যত অসমীয়া বিৰোধী বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি থকাৰ মাজতে চৰকাৰ তথা কংগ্ৰেছ দলে আলীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেয়াহে হব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.