সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আৰক্ষী অধীক্ষক আনন্দ মিশ্র ক’ভিড-১৯ পজিটিভ

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্র ক’ভিড-১৯ পজিটিভ। আজি ধৰা পৰে আনন্দ মিশ্ৰৰ দেহত ক’ভিড অৱস্থিতি। বৰ্তমান আৰক্ষী অধীক্ষকজন হোম আইচ’লেছনতে আছে। লগতে ক’ভিড ১৯ ত আক্ৰান্ত হৈছে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা আৰু নিৰুপম হাজৰিকা ।
উল্লেখ্য যে, নৱবৰ্ষৰ ৩- ৫ জানুৱাৰী পৰ্যন্ত দুলিয়াজানত অনুষ্ঠিত হোৱা আৰক্ষী অধীক্ষক সন্মিলনত অংশগ্ৰহণ কৰিছিল ৰাজ্যৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকে। কেইবাজনো আৰক্ষী অধীক্ষক আক্ৰান্ত হৈছিল ক’ভিড ১৯ ত। কিন্তু নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছিল।

Leave A Reply

Your email address will not be published.