আজি প্ৰকাশ পাব নতুন SOP….

Share This Article

আজি বিয়লী ৩ বজাত প্ৰকাশ পাব নতুন SOP। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা। যিসকলে এতিয়াও কোভিড ভেকচিন গ্ৰহণ কৰা নাই,  তেওঁলোকক ভেকচিন গ্ৰহণৰ আহ্বান মুখ্যমন্ত্ৰীৰ। লকডাউন নহয় অসমত সেইকথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

লগতে, নতুন SOPত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হোৱাৰ সম্ভাৱনা। আনহাতে কাৰ্ফিউৰ সময়সীমাও সলনি হোৱাৰ সম্ভাৱনা আছে। ৰাতি ৯ বজাৰ লগে-লগে দোকান-পোহাৰ বন্ধ কৰা আৰু ১০ ৰ পৰা নৈশ কাৰ্ফিউ কথা SOPত প্ৰকাশ পোৱা সম্ভাৱনা আছে। লগতে প্ৰাক-প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীলৈকে অনলাইন ক্লাছ হোৱাৰো সম্ভাৱনা আছে। লগতে কেনেকৈ অসমবাসীয়ে ভোগালী বিহু পালন কৰিব সেয়াও প্ৰকাশ পাব নতুন SOPত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.