Sankor Jyoti Baruah Arrest: দুলীয়াজানৰ ঘটনা, শংকৰজ্যোতিৰ গ্ৰেপ্তাৰ: কি প্ৰতিক্ৰিয়া অখিল গগৈ-ছাত্ৰ সন্থাৰ?
আনৰ ব্যৱসায়ত দখল দিব যোৱাটো অসমীয়া জাতীয়তাবাদৰ সংজ্ঞা নহয়: অখিল গগৈ
বিগত ৫-৬ দিন ধৰি দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত হোৱা দুটা পক্ষৰ সংঘাত আৰু আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ (Sankor Jyoti Baruah arrest) কৰাৰ বিষয়টোৱে ৰাজ্যত তোলপাৰ লগাই আছে। শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ ঘটনাৰ প্ৰতিবাদত শুকুৰবাৰে বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনে দুলীয়াজান বন্ধ কাৰ্যসূচীও ৰূপায়ণ কৰে। এনে ঘটনাক্ৰমৰ মাজতেই বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ ঘটনাক বিৰোধিতা কৰি বিধায়ক গগৈয়ে কেতবোৰ তাতপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।
তেওঁ কয়, “মই শংকৰজ্যোতিক গ্ৰেপ্তাৰ কৰাটোত বেয়া পাইছোঁ। লগতে এইটোও কওঁ লোকৰ ব্যৱসায়ত দখল দিব যোৱাটো অসৎ কথা। ই অসমীয়া জাতীয়তাবাদৰ সংজ্ঞা নহয়। অসমীয়া জাতীয়তাবাদৰ সংজ্ঞাটো হ’ব লাগে আমাৰ মূলধন গঢ়াৰ বাবে উৎপাদন ব্যৱস্থাৰ সৈতে জড়িত।”
- Donation -
বিধায়ক গগৈয়ে লগতে এই ঘটনাত চান্দা সংস্কৃতিত জড়িত একাংশৰ মুখা খোল খালে বুলিও মন্তব্য কৰাৰ লগতে অসমীয়া জাতীয়তাবাদ সংকীৰ্ণ আৰু উগ্ৰ হ’ব নালাগে বুলিও কয়।
ইপিনে, দুলীয়াজানৰ শেহতীয়া ঘটনাক লৈ শংকৰজ্যোতি বৰুৱাই নেতৃত্ব দি অহা সদৌ অসম ছাত্ৰ সন্থাই প্ৰথমবাৰলৈ মুখ খুলিছে। আছুৰ বৰ্তমানৰ সভাপতি উৎপল শৰ্মাই শনিবাৰে সংবাদ মাধ্যমৰ আগত সংগঠনটোৰ স্থিতি সদৰী কৰি কয়, “দুটা ব্যৱসায়িক গোষ্ঠীৰ মাজৰ সংঘাতক লৈ ছাত্ৰ-সন্থাই সময় অপচয় নকৰে”
আছুৰ সভাপতিগৰাকীয়ে নাম নোলোৱাকৈয়ে প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা সন্দৰ্ভতো সৰৱ হ’ল। বৰুৱাৰ বিৰুদ্ধে থকা যৌন শোষণৰ অভিযোগৰ প্ৰসংগ উদ্ধৃতি দি তেওঁ ক’লে, “যৌন শোষণৰ অভিযুক্ত এজনৰ পক্ষত ছাত্ৰ সন্থাৰ স্থিতি থকাৰ প্ৰশ্নই নাহে। তেওঁৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী সদস্যাই বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱাৰ অভিযোগ আনিছিল। সেই গৰাকী নেতাই বহিস্কাৰ হোৱাৰ ভয়ত আছু ত্যাগ কৰিছিল।”
শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই আদালতলৈ নিয়াৰ প্ৰসংগতো মন্তব্য প্ৰকাশ কৰি সভাপতি উৎপল শৰ্মাই কয় যে “হেণ্ডকাফৰ কথা ক’লে আমাৰ চীপজৰিডাললৈ মনত পৰে”।
তেওঁ লগতে শংকৰজ্যোতি বৰুৱাক ছাত্ৰ সন্থাৰ আন লাখ লাখ প্ৰাক্তন সতীৰ্থৰ সৈতে তুলনা নকৰিবলৈও আহ্বান জনায়। আছুৰ প্ৰাক্তন কৰ্মীসকলে মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰি থকা বুলি উল্লেখ কৰি উৎপল শৰ্মাই কয়, “আছুৰ কোনো প্ৰাক্তন সতীৰ্থৰ বিৰুদ্ধে অনা অসমীয়া ব্যৱসায়ীৰ হৈ পেট্ৰ’ল পাম্প দখল কৰিব যোৱাৰ অভিযোগ নাই।”
উল্লেখযোগ্য যে, দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত দুটা ফৈদৰ মাজৰ সংঘৰ্ষক কেন্দ্ৰ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক যোৱা দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছত আৰক্ষীয়ে তেওঁক হেণ্ডকাফ লগাই আদালতলৈ লৈ গৈছিল। এই ঘটনাৰ পাছতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বহুকেইটা জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু এই সমগ্ৰ ঘটনাক লৈ নিৰৱ হৈ আছিল সদৌ অসম ছাত্ৰ সন্থা। এজন প্ৰাক্তন নেতাক গ্ৰেপ্তাৰ ঘটনাত আছুৰ প্ৰতিক্ৰিয়া নথকাত সংগঠনটোক সমালোচনাও কৰিছিল বহুতেই। এনে প্ৰতিক্ৰিয়াৰ মাজতেই শনিবাৰে ছাত্ৰ সন্থাই এইদৰে নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে।