Investigative reporting with dedication.

আজি দেৰগাঁৱত সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সভাত প্ৰৱেশ কৰিবলৈ নাপাই প্ৰতিবাদত বহিল ৰূপজ্যোতি কুৰ্মী। মুখ্যমন্ত্রীৰ সুৰক্ষা বাহিনীয়ে প্ৰৱেশ কৰিবলৈ নিদিলে মৰিয়নি সমষ্টিৰ বিধায়ক কুৰ্মীক। আনহাতে দেৰগাঁও সমষ্টিৰে অগপ দলৰ বিধায়ক ভবেন্দ্রনাথ ভৰালীক প্ৰৱেশ কৰিবলৈ দিয়া নাছিল মুখ্যমন্ত্রীৰ সুৰক্ষা বাহিনীয়ে। অৱশেষত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ অনুৰোধত সভাগৃহত প্ৰৱেশ ৰূপজ্যোতি কুৰ্মীৰ।




