৫০ লাখ বিনিয়োগ কৰি ২০০০ কৌটি উপাৰ্জন : কি গোচৰত ৰাহুল গান্ধীক জেৰা ই ডিৰ ?

Share This Article

কংগ্ৰেছ নেতা ৰাহুল গান্ধী সোমবাৰে হাজিৰ হ’ল ই ডিৰ কাৰ্যালয়ত ৷ ছোনিয়া গান্ধীলৈও ই ডিয়ে চমন জাৰি কৰিছে ৷ অহা ২৩ জুনত ছোনিয়া গান্ধীক ই ডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে ৷ কিন্তু কংগ্ৰেছ সভানেত্ৰীগৰাকী কোভিডত আক্ৰান্ত হোৱা বাবে সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৷ ‘নেচনেল হেৰল্ড’ৰ অধিগ্ৰহণ সংক্ৰান্তীয় গোচৰত ই ডিয়ে আজি ৰাহুল গান্ধীক জেৰা কৰে ৷

২০১৩ চনত বিজেপি সাংসদ সুব্ৰমনিয়াম স্বামীয়ে দিল্লীৰ এখন আদালতত অভিযোগ উত্থাপণ কৰিছিল যে নেচনেল হেৰল্ড কাকতৰ প্ৰকাশক কোম্পেনী এ জে এলৰ ধন আৰু সম্পত্তি বে আইনীভাৱে হস্তগত কৰিছে কংগ্ৰেছৰ নিজা কোম্পেনী ইয়ং ইণ্ডিয়া লিমিটেড চমুকৈ ৱাই আই এলে ৷ প্ৰায় ২ হাজাৰ কৌটি টকাৰ সম্পত্তি কংগ্ৰেছৰ নিজা কোম্পেনীয়ে হস্তগত কৰাৰ অভিযোগ উত্থাপণ কৰে সুব্ৰমনিয়াম স্বামীয়ে ৷
নেচনেল হেৰল্ড কাকতখন প্ৰকাশ কৰিছিল দ্য এছোচিয়েটেড জাৰ্ণালছ লিমিটেড চমুকৈ এ জে এল নামৰ এটা কোম্পেনীয়ে ৷ ১৯৩৮ চনত এই কাকতখন প্ৰথম প্ৰকাশ পায় ৷ নেচনেল হেৰল্ডৰ লগতে এ জে এলে আন দুখন কাকত নৱজীৱন আৰু কোৱামি আৱাজ ক্ৰমে হিন্দী আৰু উৰ্দু ভাষাত প্ৰকাশ কৰি উলিয়াইছিল ৷ স্বাধীনতাৰ পাছত নেচনেল হেৰল্ড কাকতখন কংগ্ৰেছ দলৰ মুখপত্ৰৰ ৰূপত প্ৰকাশ পাই থাকে ৷ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ উপৰিও প্ৰায় ৫ হাজাৰ স্বাধীনতা সংগ্ৰামী কাকতৰ প্ৰকাশক কোম্পেনী এ জে এলৰ শ্বেয়াৰ হোল্ডাৰ আছিল ৷ ২০০৮ চনত বিত্তীয় সংকটৰ কাৰণে কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰে ৷ ২০১০ চনত শ্বেয়াৰ হোল্ডাৰৰ সংখ্যা প্ৰায় ১ হাজাৰলৈ হ্ৰাস পায় ৷
২০০৮ চনত নেচনেল হেৰল্ড কাকতখন পুণৰুজ্জীৱিত কৰি তুলিবলৈ কংগ্ৰেছ দলে এ জে এলক ৯০ কৌটি টকা সুদবিহীন ঋণ হিচাপে আগবঢ়াইছিল ৷
ইয়াৰ পাছত ২০১০ চনত গঠন কৰা হয় আন এটা কোম্পেনী ৷ নাম ইয়ং ইণ্ডিয়া লিমিটেড ৷ এই কোম্পেনীটোৰ সঞ্চালক হিচাপে আছে ছোনিয়া গান্ধী , ৰাহুল গান্ধী , ছেম পিট্ৰোডা , পৱন কুমাৰ বানছাল , অস্কাৰ ফাৰ্ণাণ্ডেজ আৰু সুমন ডুবে ৷ কোম্পেনীটোত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ মুঠ ৭৬ শতাংশ অংশীদাৰীত্ব আছে ৷ কংগ্ৰেছ দলে নতুনকৈ গঠন হোৱা এই কোম্পেনীটোক এ জে এলক দিয়া ঋণ আদায় কৰিবলৈ দায়িত্ব দিয়ে ৷
পৰৱৰ্তী সময়ত ইয়ং ইণ্ডিয়া লিমিটেডে ৫০ লাখ টকাৰ বিনিময়ত এ জে এল কোম্পেনীটো অধিগ্ৰহণ কৰি লয় ৷ ৯০ কৌটিৰ ঋণ পৰিশোধ কৰিব নোৱাৰাত এ জে এলক ইয়ং ইণ্ডিয়াই অধিগ্ৰহণ কৰে ৷ ফলত এ জে এলৰ নামত থকা সকলো সম্পত্তিৰো গৰাকী হৈ পৰে ইয়ং ইণ্ডিয়া লিমিটেড ৷ এই কোম্পনীত আছে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ ৭৬ শতাংশ অংশীদাৰীত্ব ৷
বিজেপি নেতা সুব্ৰমনিয়াম স্বামীৰ অভিযোগ আছিল যে মাত্ৰ ৫০ লাখ টকাৰ বিনিময়ত নেচনেল হেৰল্ডৰ প্ৰকাশক এ জে এলৰ নতুন দিল্লী , লক্ষ্ণৌ , ভূপাল , মুম্বাই আৰু ইণ্ডোৰত থকা প্ৰায় ২০০০ কৌটিৰ সম্পত্তি হস্তগত কৰিছে গান্ধী পৰিয়ালৰ সৰ্বাধিক অংশীদাৰীত্ব থকা ইয়ং ইণ্ডিয়া লিমিটেডে ৷ তদুপৰি বাণিজ্যিক কাৰণত কংগ্ৰেছ দলে ৯০ কৌটিৰ ঋণ দিয়া বিষয়টোকো অবৈধ বুলি অভিহিত কৰিছিল সুব্ৰমনিয়াম, স্বামীয়ে৷ পৰৱৰ্তী সময়ত দিল্লী উচ্চ ন্যায়ালয়ত গোচৰটো খাৰিজ কৰিবলৈ আবেদন জনোৱা হৈছিল যদিও আদালতে সেই আবেদন খাৰিজ কৰে ৷

ই ডিৰ কি ভূমিকা ?

প্ৰায় ৯ মাহ আগতে প্ৰিভেনশ্যন অৱ মানি লণ্ডাৰিঙ এক্টৰ অধীনত ইয়ং ইণ্ডিয়া লিলিটেডৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ সুব্ৰমনিয়াম স্বামীৰ গোচৰত ২০১৩ চনত দিল্লীৰ আদালতে বিষয়টো আয়কৰ বিভাগৰ দ্বাৰা তদন্তৰ পোষকতা কৰিছিল ৷ ২০১৮ চনত আয়কৰ বিভাগে দাবী কৰে যে আয়কৰৰ পূৰ্বৰ সমীক্ষাৰ সময়ত ৰাহুল গান্ধীয়ে ইয়ং ইণ্ডিয়াৰ সঞ্চালকৰ পদবীৰ বিষয়টো লুকুৱাই ৰাখিছিল ৷ লগতে কোম্পেনীটোত থকা শ্বেয়াৰৰ বিষয়টোও সদৰী কৰা নাছিল ৷ আয়কৰ বিভাগৰ এনে মন্তব্যৰ ভিত্তিতেই ই ডিয়ে গোচৰ ৰুজু কৰে ৷ গোচৰ সংক্ৰান্তত এ জে এলৰ সঞ্চালক পৱন কুমাৰ বানছাল আৰু মল্লিকাৰ্জুন খৰ্গেক ইতিমধ্যে জেৰা কৰিছে ই ডিয়ে ৷ তাৰ পাছতেই জেৰাৰ সন্মুখীন হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.