সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৫০ লাখ বিনিয়োগ কৰি ২০০০ কৌটি উপাৰ্জন : কি গোচৰত ৰাহুল গান্ধীক জেৰা ই ডিৰ ?

কংগ্ৰেছ নেতা ৰাহুল গান্ধী সোমবাৰে হাজিৰ হ’ল ই ডিৰ কাৰ্যালয়ত ৷ ছোনিয়া গান্ধীলৈও ই ডিয়ে চমন জাৰি কৰিছে ৷ অহা ২৩ জুনত ছোনিয়া গান্ধীক ই ডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে ৷ কিন্তু কংগ্ৰেছ সভানেত্ৰীগৰাকী কোভিডত আক্ৰান্ত হোৱা বাবে সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৷ ‘নেচনেল হেৰল্ড’ৰ অধিগ্ৰহণ সংক্ৰান্তীয় গোচৰত ই ডিয়ে আজি ৰাহুল গান্ধীক জেৰা কৰে ৷

২০১৩ চনত বিজেপি সাংসদ সুব্ৰমনিয়াম স্বামীয়ে দিল্লীৰ এখন আদালতত অভিযোগ উত্থাপণ কৰিছিল যে নেচনেল হেৰল্ড কাকতৰ প্ৰকাশক কোম্পেনী এ জে এলৰ ধন আৰু সম্পত্তি বে আইনীভাৱে হস্তগত কৰিছে কংগ্ৰেছৰ নিজা কোম্পেনী ইয়ং ইণ্ডিয়া লিমিটেড চমুকৈ ৱাই আই এলে ৷ প্ৰায় ২ হাজাৰ কৌটি টকাৰ সম্পত্তি কংগ্ৰেছৰ নিজা কোম্পেনীয়ে হস্তগত কৰাৰ অভিযোগ উত্থাপণ কৰে সুব্ৰমনিয়াম স্বামীয়ে ৷
নেচনেল হেৰল্ড কাকতখন প্ৰকাশ কৰিছিল দ্য এছোচিয়েটেড জাৰ্ণালছ লিমিটেড চমুকৈ এ জে এল নামৰ এটা কোম্পেনীয়ে ৷ ১৯৩৮ চনত এই কাকতখন প্ৰথম প্ৰকাশ পায় ৷ নেচনেল হেৰল্ডৰ লগতে এ জে এলে আন দুখন কাকত নৱজীৱন আৰু কোৱামি আৱাজ ক্ৰমে হিন্দী আৰু উৰ্দু ভাষাত প্ৰকাশ কৰি উলিয়াইছিল ৷ স্বাধীনতাৰ পাছত নেচনেল হেৰল্ড কাকতখন কংগ্ৰেছ দলৰ মুখপত্ৰৰ ৰূপত প্ৰকাশ পাই থাকে ৷ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ উপৰিও প্ৰায় ৫ হাজাৰ স্বাধীনতা সংগ্ৰামী কাকতৰ প্ৰকাশক কোম্পেনী এ জে এলৰ শ্বেয়াৰ হোল্ডাৰ আছিল ৷ ২০০৮ চনত বিত্তীয় সংকটৰ কাৰণে কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰে ৷ ২০১০ চনত শ্বেয়াৰ হোল্ডাৰৰ সংখ্যা প্ৰায় ১ হাজাৰলৈ হ্ৰাস পায় ৷
২০০৮ চনত নেচনেল হেৰল্ড কাকতখন পুণৰুজ্জীৱিত কৰি তুলিবলৈ কংগ্ৰেছ দলে এ জে এলক ৯০ কৌটি টকা সুদবিহীন ঋণ হিচাপে আগবঢ়াইছিল ৷
ইয়াৰ পাছত ২০১০ চনত গঠন কৰা হয় আন এটা কোম্পেনী ৷ নাম ইয়ং ইণ্ডিয়া লিমিটেড ৷ এই কোম্পেনীটোৰ সঞ্চালক হিচাপে আছে ছোনিয়া গান্ধী , ৰাহুল গান্ধী , ছেম পিট্ৰোডা , পৱন কুমাৰ বানছাল , অস্কাৰ ফাৰ্ণাণ্ডেজ আৰু সুমন ডুবে ৷ কোম্পেনীটোত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ মুঠ ৭৬ শতাংশ অংশীদাৰীত্ব আছে ৷ কংগ্ৰেছ দলে নতুনকৈ গঠন হোৱা এই কোম্পেনীটোক এ জে এলক দিয়া ঋণ আদায় কৰিবলৈ দায়িত্ব দিয়ে ৷
পৰৱৰ্তী সময়ত ইয়ং ইণ্ডিয়া লিমিটেডে ৫০ লাখ টকাৰ বিনিময়ত এ জে এল কোম্পেনীটো অধিগ্ৰহণ কৰি লয় ৷ ৯০ কৌটিৰ ঋণ পৰিশোধ কৰিব নোৱাৰাত এ জে এলক ইয়ং ইণ্ডিয়াই অধিগ্ৰহণ কৰে ৷ ফলত এ জে এলৰ নামত থকা সকলো সম্পত্তিৰো গৰাকী হৈ পৰে ইয়ং ইণ্ডিয়া লিমিটেড ৷ এই কোম্পনীত আছে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ ৭৬ শতাংশ অংশীদাৰীত্ব ৷
বিজেপি নেতা সুব্ৰমনিয়াম স্বামীৰ অভিযোগ আছিল যে মাত্ৰ ৫০ লাখ টকাৰ বিনিময়ত নেচনেল হেৰল্ডৰ প্ৰকাশক এ জে এলৰ নতুন দিল্লী , লক্ষ্ণৌ , ভূপাল , মুম্বাই আৰু ইণ্ডোৰত থকা প্ৰায় ২০০০ কৌটিৰ সম্পত্তি হস্তগত কৰিছে গান্ধী পৰিয়ালৰ সৰ্বাধিক অংশীদাৰীত্ব থকা ইয়ং ইণ্ডিয়া লিমিটেডে ৷ তদুপৰি বাণিজ্যিক কাৰণত কংগ্ৰেছ দলে ৯০ কৌটিৰ ঋণ দিয়া বিষয়টোকো অবৈধ বুলি অভিহিত কৰিছিল সুব্ৰমনিয়াম, স্বামীয়ে৷ পৰৱৰ্তী সময়ত দিল্লী উচ্চ ন্যায়ালয়ত গোচৰটো খাৰিজ কৰিবলৈ আবেদন জনোৱা হৈছিল যদিও আদালতে সেই আবেদন খাৰিজ কৰে ৷

- Donation -

ই ডিৰ কি ভূমিকা ?

প্ৰায় ৯ মাহ আগতে প্ৰিভেনশ্যন অৱ মানি লণ্ডাৰিঙ এক্টৰ অধীনত ইয়ং ইণ্ডিয়া লিলিটেডৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ সুব্ৰমনিয়াম স্বামীৰ গোচৰত ২০১৩ চনত দিল্লীৰ আদালতে বিষয়টো আয়কৰ বিভাগৰ দ্বাৰা তদন্তৰ পোষকতা কৰিছিল ৷ ২০১৮ চনত আয়কৰ বিভাগে দাবী কৰে যে আয়কৰৰ পূৰ্বৰ সমীক্ষাৰ সময়ত ৰাহুল গান্ধীয়ে ইয়ং ইণ্ডিয়াৰ সঞ্চালকৰ পদবীৰ বিষয়টো লুকুৱাই ৰাখিছিল ৷ লগতে কোম্পেনীটোত থকা শ্বেয়াৰৰ বিষয়টোও সদৰী কৰা নাছিল ৷ আয়কৰ বিভাগৰ এনে মন্তব্যৰ ভিত্তিতেই ই ডিয়ে গোচৰ ৰুজু কৰে ৷ গোচৰ সংক্ৰান্তত এ জে এলৰ সঞ্চালক পৱন কুমাৰ বানছাল আৰু মল্লিকাৰ্জুন খৰ্গেক ইতিমধ্যে জেৰা কৰিছে ই ডিয়ে ৷ তাৰ পাছতেই জেৰাৰ সন্মুখীন হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷

Leave A Reply

Your email address will not be published.