প্ৰশান্ত কিশোৰে কিয় পদত্যাগ কৰিলে ?

Share This Article

পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ প্ৰধান উপদেষ্টা পদৰ পৰা পদত্যাগ কৰিছে ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰে ৷ আজি এক পত্ৰযোগে নিজৰ পদত্যাগৰ কথা ৰাজহুৱা কৰি প্ৰশান্ত কিশোৰে কয় -“আপোনাৰ প্ৰধান উপদেষ্টা পদৰ পৰা পদত্যাগ কৰিলো ৷ এই দায়িত্বৰ পৰা মই অব্যাহতি বিচাৰিছো ৷”

উল্লেখ্য যে যোৱা মাৰ্চ মাহত প্ৰশান্ত কিশোৰক মুখ্যমন্ত্ৰীৰ প্ৰধান উপদেষ্টা হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল অমৰিন্দৰ সিঙে ৷ কিন্তু তাৰ পাছৰে পৰা পঞ্জাৱ কংগ্ৰেছত বিদ্ৰোহৰ সূচনা হয় ৷ অৱশেষত নৱোজিৎ সিঙ সিদ্ধুক পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়ে কংগ্ৰেছ হাইকামাণ্ডে ৷ এই সময়ছোৱাত প্ৰশান্ত কিশোৰে কেবাবাৰো ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক সাক্ষাৎ কৰে ৷ আনকি ৰাজনৈতিক ৰণনীতিকাৰগৰাকীয়ে কংগ্ৰেছ দলত যোগদান কৰাক লৈও চৰ্চা আৰম্ভ হয় ৷ এনে সময়তে পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ প্ৰধান উপদেষ্টা পদৰ পৰা পদত্যাগ কৰাৰ পাছত তেওৰ পৰৱৰ্তী ভূমিকা লক্ষ্যণীয় হৈ পৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.