সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মন্ত্ৰী পীয়ূষ হাজৰিকালৈ এটা মাত্ৰ সহজ প্ৰশ্ন

অৰূপ কলিতা

প্ৰসংগঃ চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কীট ৷ ‘দ্য ক্ৰছকাৰেন্ট’ৰ এখন আৰ টি আই আবেদনৰ উত্তৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে স্পষ্ট কৰি দিয়ে যে এন এইচ এমে চীনৰ পৰা কোনোধৰণৰ পি পি ই কীট ক্ৰয় কৰা নাই বা বিদেশৰ পৰা অহা পি পি ই কীট গ্ৰহণো কৰা নাই ৷ NHMৰ এনে উত্তৰে স্বাভাৱিকতে অনেক প্ৰশ্ন , অনেক বিভ্ৰান্তিৰ সৃষ্টি কৰিলে ৷ কিয়নো অসমবাসীৰ মনত এখন ফটো এতিয়াও অমলিন হৈ ৰৈছে ৷ ফটোখন ১৫ এপ্ৰিল ,২০২০ চনৰ ৷

crosscurrent

- Donation -

চীনৰ পৰা আহি গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱা এখন কাৰ্গো বিমানৰ সন্মুখত ফটো উঠিছিল , তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী তথা এতিয়াৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ ঘোষণা কৰা অনুসৰি বিমানখনত আছিল চীনৰ পৰা ক্ৰয় কৰি অনা ৫০ হাজাৰ পি পি ই কীট ৷ ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কোৱা সকলোৰে মনত আছে যে ৰাজ্য চৰকাৰ হিচাপে চীনৰ পৰা পি পি ই কীট আমদানি কৰা অসমেই প্ৰথম ৰাজ্য ৷ কিন্তু পি পি ই কীটৰ গুণগত মানক লৈ প্ৰশ্ন উত্থাপণ হোৱাত সেই সময়তে ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰেও কয় যে পি পি ই কীটখিনি যিজন ব্যক্তিয়ে আনিছিল , তেওঁৰেই গুৱাহাটীৰ গুডামত ৰাখি থ’বলৈ কোৱা হৈছে ৷ এই পি পি ই কীটখিনিৰ গুণগত মানৰ টেষ্ট কৰা হ’ব আৰু প্ৰয়োজনত অসম চৰকাৰে যোগানকাৰীৰ পৰা খুজি ল’ব ৷ এয়া আছিল ২০২০ চনৰ ১৭ আৰু ১৮ এপ্ৰিলত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা কথা ৷ তাৰ পাছৰে পৰা চীনৰ পৰা আমদানি কৰা পি পি ই কীটৰ প্ৰসংগ পাহৰণিৰ গৰ্ভত সোমাল ৷

কিন্তু দ্য ক্ৰছকাৰেন্টৰ আৰ টি আই আবেদনৰ উত্তৰত এন এইচ এমে যি তথ্য সদৰী কৰিলে, তাৰ পাছত সৃষ্টি হ’ল নতুন বিতৰ্কৰ ৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই এই বিতৰ্কৰ উত্তৰ দিবলৈ গৈ ক’লে যে চীনৰ পৰা অহা পি পি ই কীট হেনো অসম চৰকাৰে ৰিছিভেই কৰা নাছিল ৷ সেইদিনা বিমান চালকক সম্ভাষণ জনাবলৈহে তেওলোক বিমানবন্দৰলৈ গৈছিল ৷ ইয়াৰ বাহিৰেও পীয়ূষ হাজৰিকাই ‘দ্য ক্ৰছকাৰেন্ট’ আৰু ‘দ্য ৱায়াৰ’ সন্দৰ্ভত অনেক মন্তব্য কৰে ৷ কিন্তু মন্ত্ৰীগৰাকীৰ এই মন্তব্য ইমানেই টুলুঙা আছিল যে যিকোনো যুক্তিবাদী মানুহেই ইয়াৰ প্ৰত্যুত্তৰ দিব লাগে বুলি অনুভৱ নকৰে ৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই আচলতে ‘দ্য ক্ৰছকাৰেন্ট ‘আৰু ‘দ্য ৱায়াৰ’ক গালি গালাজ কৰি মূল বিষয়ৰ পৰা ফালৰি কাটিবলৈ চেষ্টা কৰিছে ৷

পি পি ই কীট প্ৰসংগত বহু কথা কৈও মন্ত্ৰী পীয়ূষ হাজৰিকাই অনেক কথা নক’লে ৷ যিবোৰ আছিল পি পি ই কীট বিতৰ্কৰ মূল প্ৰশ্ন ৷ তেওঁ ‘দ্য ক্ৰছকাৰেন্ট’ৰ বাতৰিক মনেসজা আৰু ভিত্তিহীন বুলি ক’লে ৷ কিন্তু আমি কওঁ যে ‘দ্য ক্ৰছকাৰেন্ট’ৰ বাতৰি মনেসজা হ’বলৈ হ’লে , এন এইচ এমৰ আৰ টি আই উত্তৰ মনেসজা হ’ব লাগিব ৷ দ্য ক্ৰছকাৰেন্টৰ বাতৰি ভিত্তিহীন হ’বলৈ হ’লে , ২০২০ ৰ ১৫ এপ্ৰিলৰ দিনা ড: হিমন্ত বিশ্ব শৰ্মাই বিমানবন্দৰত কৰা মন্তব্যবোৰো ভিত্তিহীন হ’ব লাগিব ৷ সেইদিনা তেতিয়াৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কোৱা কথাবোৰো মনেসজা হ’ব লাগিব ৷ যদিহে হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাবোৰ মনেসজা আৰু ভিত্তীহীন নহয় , তেনেহ’লে এটা সামান্য স্পষ্টীকৰণেৰেই পীয়ূষ হাজৰিকাই সকলো বিতৰ্কৰ মোখনি মাৰিব পাৰে ৷ মন্ত্ৰী পীয়ূষ হাজৰিকালৈ এটা সহজ প্ৰশ্ন – গুৱাহাটীৰ কোন ব্যক্তিয়ে চীনৰ পৰা পি পি ই কীট আনিছিল ? গুৱাহাটীৰ কোনটো গুডামত পি পি ই কীটখিনি জমা ৰখা হৈছিল ? এই পি পি ই কীটখিনিৰ গুণগত মানৰ পৰীক্ষা কৰা হ’লনে ?

এই এটা মাত্ৰ সহজ প্ৰশ্নৰ উত্তৰৰ জড়িয়তেই মন্ত্ৰী পীয়ূষ হাজৰিকাই নিজৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো সঁচা বুলি প্ৰমাণ কৰিব পাৰিব ৷ অন্যথা তেওৰ সকলো কথাই ভিত্তিহীন আৰু মনেসজা বুলি ভাবি ল’বলৈ আমি বাধ্য ৷

Leave A Reply

Your email address will not be published.