বিজেপি সাংসদৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীৰ ইমান খঙ কিয় ?

Share This Article

বিজেপিৰ অধিকসংখ্যক সাংসদ ৰাজ্যসভাত অনুপস্থিত থকাক লৈ ক্ষোভ ব্যক্ত কৰিছে বজেপি নেতা তথা  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সংসদত অনুপস্থিত থকা সাংসদৰ তালিকা বিচাৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ এই ঘটনাৰ পৰা সংসদ আৰু সাংসদক লৈ প্ৰধানমন্ত্ৰী মোদী অধিক তৎপৰ হোৱাটোৱে পৰিলক্ষিত হৈছে ৷

দৰাচলতে সোমবাৰে ৰাজ্যসভাত Tribunal Reform Bill 2021 গৃহীত হোৱাৰ কথা আছিল৷ কিন্তু সেইদিনাই বিজেপিৰ অধিকসংখ্যক সাংসদ ৰাজ্যসভাত অনুপস্থিত আছিল৷ তাৰপিছত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ক্ষোভ ব্যক্ত কৰে৷ সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বিজেপিৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে অনুপস্থিত থকা সাংসদৰ ওপৰত ক্ষোভ ব্যক্ত কৰি অনুপস্থিত সাংসদৰ তালিকা বিচাৰিছে৷

উল্লেখযোগ্য যে, বিৰোধী দলৰ তীব্ৰ প্ৰতিবাদৰ মাজতে সোমবাৰে ৰাজ্যসভাত Tribunal Reforms Bill 2021 গৃহীত কৰা হয়৷ এই বিধেয়কৰ জৰিয়তে চলচ্চিত্ৰ আইন, সীমা শুল্ক আইন আদি বিভিন্ন আইনৰ সংশোধনী প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.