Investigative reporting with dedication.

আজিৰে পৰা ভেকচিন নোলোৱা লোকৰ বাবে কঠোৰ বাধা-নিষেধ জাৰি কৰিছে ৰাজ্য চৰকাৰে। কোভিডৰ দুইপালি ভেকচিন নোলোৱা লোকে আজিৰে ওলাব নোৱাৰিব ঘৰৰ পৰা। হাস্পতালৰ বাহিৰে ৰাজহুৱা স্থানত প্ৰৱেশত কৰিব নোৱাৰিব ভেকচিন নোলোৱা লোকে। লগতে হোটেল, মল, ৰেষ্টুৰেণ্ট আদিতো প্ৰৱেশ কৰিব নোৱাৰিব। ভেকচিন নল’লে চৰকাৰী হাস্পতালত নাপাব বিনামূলীয়া চিকিৎসা আৰু খাদ্য। চৰকাৰী কৰ্মচাৰীয়েও প্ৰৱেশ কৰিব নোৱাৰিব কাৰ্যালয়ত। ভেকচিন লোৱাসকলে লগত লৈ ফুৰিব লাগিব দুইপালি ভেকচিন লোৱাৰ প্ৰমাণপত্ৰ। স্বাস্থ্য-পৰিয়াল কল্যাণৰ প্ৰধান সচিবে জাৰি কৰিছে এই নিৰ্দেশনা।




