সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘অজিত’ক নিদিয়ে বিজ্ঞাপন কিন্তু কিয়?

গোডী নহয়  পঞ্জাৱত ‘মান মেডিয়া’ আপ-বিজেপি একে মুদ্ৰাৰ ইপিঠি সিপিঠি !
গোডী মেডিয়াৰ দৰে মেডিয়া লাগে আপক !
চৰকাৰৰ বিৰোধিতা কৰিলেই বন্ধ কৰে বিজ্ঞাপন !
অজিত গ্ৰুপক দিয়া বিজ্ঞাপন বন্ধ কৰিলে আপে !
কেন্দ্ৰত বিজেপি আৰু নৰেন্দ্ৰ মোডী শাসনলৈ অহাৰ অন্তৰালত আছে সংবাদ মাধ্যমৰ অৱদান৷প্ৰায় সকলোবোৰ মূলসুঁতিৰ সংবাদমাধ্যমেই বিজেপিক প্ৰশংসাৰে উপচাই সংবাদ  পৰিৱেশন কৰে৷ইয়াৰ ব্যতিক্ৰম আছিল কেৱল ND টিভি৷বৰ্তমান ND tv ও নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ আদানিৰ হাতৰ পুতলা হ’ল৷

ৰাষ্ট্ৰীয় সংবাদমাধ্যমক  গোডী মেডিয়া বুলি সকলোৱে জানে৷ঠিক সেইদৰে  আপকো লাগে এতিয়া ‘গোডী মেডিয়া৷’
অৱশ্যে গোডী মেডিয়া নহয় ‘আপ মেডিয়া’ বুলি ক’লেহে অধিক উপযুক্ত হ’ব৷
শেহতীয়াকৈ পঞ্জাৱৰ জনপ্ৰিয় সংবাদপত্ৰ ‘অজিত’ক বিজ্ঞাপন দিয়া বন্ধ কৰিছে পঞ্জাৱৰ আপ চৰকাৰে৷

- Donation -

‘অজিত’ নামৰ দৈনিক সংবাদ পত্ৰখনৰ বাহিৰেও ‘অন এয়াৰ’  নামৰ আঞ্চলিক চেনেলটোৰ ওপৰতো গোচৰ তৰিছে PASCO আইনৰ অধীনত৷

উল্লেখ্য যে ‘অজিত’ গ্ৰুপৰ অজিত ৰাজ্যখনৰ সবাতোকৈ পুৰণি আৰু বহুল প্ৰচলিত সংবাদপত্ৰ৷ সংবাদপত্ৰ খনত সকলো দিশ নিৰপেক্ষভাৱে বিশ্লেষণ কৰা হয়৷

আপ চৰকাৰ পঞ্জাৱত গঠন হওঁতেও প্ৰচলিত একঘেয়ামী চৰকাৰ খনক আঁতৰাই আপ ক্ষমতালৈ অহাক লৈ সন্তুষ্টি প্ৰকাশ কৰি সংবাদ পৰিৱেশন কৰিছিল’অজিত’ নামৰ সংবাদপত্ৰখনে৷কিন্তু অলপতে সংবাদপত্ৰখনে পঞ্জাবৰ ৰাজহ গুজৰাট আৰু হিমাচলৰ নিৰ্বাচনত ব্যৱহাৰ কৰাকলৈ সমালোচনা কৰিছিল চৰকাৰক৷অজিত গ্ৰুপৰ এনে বাতৰিয়ে বিৰোধীক যেন চৰকাৰক সমালোচনা কৰাৰ বাবে পথ প্ৰশস্ত কৰিহে দিলে৷ইয়াৰ পিছতেই অজিত গ্ৰুপক  চৰকাৰী বিজ্ঞাপন দিয়া বন্ধ হ’ল৷শিৰোমণি আকালি দল,বিজেপি,কংগ্ৰেছ সকলো দলেই চৰকাৰৰ এই পদক্ষেপক গৰিহণা দিয়াৰ লগতে সমালোচনা কৰিছে৷ইফালে জন সম্পৰ্ক দপ্তৰৰ মন্ত্ৰী অমন আৰোৰাই এই বিষয়ত অজ্ঞতা প্ৰ

Leave A Reply

Your email address will not be published.