কিয় ‘ভাৰত জোড়ো’ত সংগ নিদিয়ে অখিলেশ যাদৱে?

Share This Article

নিজৰ ৰাজ্যতে নিঃসংগ হ’ব ৰাহুল গান্ধী !
উত্তৰ প্ৰদেশত ৰাহুল গান্ধীক সংগ নিদিয়ে কোনেও !
উপস্থিত নাথাকে অখিলেশ যাদৱ !’ভাৰত জোড়ো’ যাত্ৰাৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ’ব অহা ৩ জানুৱাৰীত৷ইতিমধ্যে প্ৰথম পৰ্যায়ৰ যাত্ৰা বিগত ৭ ছেপ্তেম্বৰত আৰম্ভ হৈছিল আৰু লালকিল্লাত বিগত ২৪ ডিচেম্বৰত অন্ত পৰিছে৷নববৰ্ষ উদযাপনৰ বাবে দলৰ কৰ্মকৰ্তাক সময় দিয়াৰ বাবে যাত্ৰা ৯ দিনৰ বাবে স্থগিত ৰখা হয়৷অহা ৩ জানুৱাৰীত আৰম্ভ হ’বলগীয়া পদযাত্ৰালৈ কংগ্ৰেছ দলে উত্তৰ প্ৰদেশৰ সকলো বিজেপি বিৰোধী শক্তিৰ প্ৰতিনিধিক আমন্ত্ৰণ জনাইছিল৷
উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ লনী অঞ্চলৰ পৰা অহা ৩ জানুৱাৰীত যাত্ৰা পুনৰ আৰম্ভ হ’ব৷

সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাজেন্দ্ৰ চৌধুৰীয়ে কয় “সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱে অকলেই চৰকাৰৰ বিৰুদ্ধে যুঁজ দি গৈছে৷কিন্তু তেওঁ সেই দিন কেইটাত নিজৰ কিছুমান কাৰ্যসূচীত ব্যস্ত থাকিব৷সেয়ে হয়তো তেওঁ যাত্ৰাত সহযোগিতা কৰাৰ আশা কম৷”

অৱশ্যে সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱে এই যাত্ৰাত সহযোগিতা আগবঢ়োৱাৰ আশা কম যদিও দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰফেচৰ ৰামগোপাল যাদৱে ‘ভাৰত জোড়ো ‘ যাত্ৰাত ক’ভিড প্ৰ’টকলৰ বিষয়টো উত্থাপন কৰি কয় “ দেশৰ ক’তো ক’ভিড হোৱা নাই অথচ ক’ভিডৰ দোহাই দি কেন্দ্ৰীয় চৰকাৰে যাত্ৰা বন্ধ কৰিব খুজিছে৷”

আনহাতে,ৰাষ্ট্ৰীয় লোক দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক অনুপম মিশ্ৰই কয় “ আমি কংগ্ৰেছ দলৰ পৰা আমন্ত্ৰণ লাভ কৰিছোঁ৷কিন্তু আমাৰ দলৰ সভাপতি জয়ন্ত চৌধুৰীয়ে আগৰেপৰা তেওঁৰ নিৰ্দিষ্ট হৈ থকা অনুষ্ঠানত ব্যস্ত থাকিবলগীয়া হোৱাৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব৷”

কিন্তু দুয়োগৰাকী নেতা ক্ৰমে সমাজবাদী দলৰ অখিলেশ যাদৱ আৰু ৰাষ্ট্ৰীয় লোকদলৰ জয়ন্ত চৌধুৰীয়ে ৰাহুল গান্ধীৰ নেতৃত্বত অনুষ্ঠিত হৈ থকা ভাৰত জোড়ো যাত্ৰালৈ শুভেচ্ছা জনাইছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.