‘মাওবাদী’ প্ৰচণ্ড প্ৰধানমন্ত্ৰী হ’ল !

Share This Article

এজন ‘আত্মগোপনকাৰী’ হ’ল প্ৰধানমন্ত্ৰী !
এজন ‘মাওবাদী’ হ’ল প্ৰধানমন্ত্ৰী
হয়,এসময়ৰ এগৰাকী ৰাষ্ট্ৰদ্ৰোহী প্ৰধানমন্ত্ৰী হ’ল৷
১৩ বছৰ আত্মগোপন কৰি আছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে৷
ক’ত সংঘটিত হৈছে এই বিৰল ঘটনা?
দেশখন হ’ল ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰ নেপাল৷নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে সোমবাৰে শপত গ্ৰহণ কৰে পুস্পকমল দাহাল প্ৰচণ্ডই৷ কিন্তু কোন হয় পুস্পকমল দাহাল প্ৰচণ্ড?

২০২২চনৰ নবেম্বৰত নেপালত
সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল৷কিন্তু কোনো দলেই সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে৷মুঠ ২৭৫ খন আসনৰ ৮৯ খন আসন লাভ কৰিছে নেপালী কংগ্ৰেছ পাৰ্টিয়ে৷কমিউনিষ্ট পাৰ্টি অব নেপাল -ইউনিফাইড মাক্সিষ্ট লেনিনিষ্টে আসন লাভ কৰিলে ৭৮ খন আৰু কমিউনিষ্ট পাৰ্টি অব নেপাল মাওৱিষ্টে লাভ কৰিলে ৩২ খন আসন৷নেপালী কংগ্ৰেছ যদিও সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছে তথাপিও সংখ্যাগৰিষ্ঠতা লাভৰ বাবে মুঠ ১৩৭ খন আসনৰ প্ৰয়োজন৷সেয়ে দেশখনত কোন প্ৰধানমন্ত্ৰী হ’ব তাক লৈ উদ্বিগ্ন হৈ আছিল সকলো৷
কংগ্ৰেছ আৰু কমিউনিষ্ট পাৰ্টি অব নেপালে নিৰ্বাচনৰ আগতেই মিত্ৰতাত অৱতীৰ্ণ হৈছিল৷দুয়ো দলেই একেলগে সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও প্ৰধানমন্ত্ৰী পদ এটা দলেও লাভ নকৰিলেহেঁতেন৷প্ৰচণ্ডই নিজে প্ৰধানমন্ত্ৰী হ’ব বিচাৰিছিল কিন্তু নেপালী কংগ্ৰেছৰ নেতা আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেওবা এই সিন্ধান্তত সন্মত নাছিল৷ইয়াৰ পাছতেই পুস্পকমলে নেপালী কংগ্ৰেছৰ লগত মিত্ৰতা ভংগ কৰে আৰু কমিউনিষ্ট পাৰ্টি অব নেপাল ইউনিফাইড মাৰ্ক্সিষ্ট লেনিনিষ্টৰ সভাপতি কে পি শৰ্মা অলিৰ লগত মিত্ৰতা স্থাপন কৰে৷পুস্পকমল প্ৰচণ্ডই এতিয়ালৈকে ১৭০ জন সাংসদৰ সমৰ্থন লাভ কৰিছে৷২৫ ডিচেম্বৰৰ আবেলিৰ ভাগত ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা প্ৰচণ্ডক নেপালৰ সংবিধানৰ ৭৬ (২) অনুচ্ছেদ অনুসৰি প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰা হয়৷
পুস্পকমল দাহাল প্ৰচণ্ডই ২৬ ডিচেম্বৰত নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপত লয়৷
প্ৰচণ্ডৰ জন্ম হৈছিল ১৯৫৪ চনৰ ১১ডিচেম্বৰত৷
প’খাৰাৰ কাস্কী জিলাৰ ধীকুৰপখৰী আছিল তেওঁৰ জন্মস্থান৷১৯৯৬ চনৰ পৰাই প্ৰচণ্ড ৰাজনীতিত সক্ৰিয় হৈ আছে৷১৯৯৬ চনৰ পৰা ২০০৬ চনলৈ তেওঁ আত্মগোপন কৰি আছিল৷২০০৬ চনৰ নবেম্বৰত নেপাল চৰকাৰৰ লগত চুক্তি স্বাক্ষৰ কৰাৰ পিছত তেওঁ মূলসুঁতি লৈ ঘূৰি আহে৷
অলী আৰু প্ৰচণ্ডৰ মাজত আলোচনা মৰ্মে সিন্ধান্ত লৈছে যে প্ৰথম পুস্পকমল প্ৰচণ্ড আৰু ইয়াৰ পিছত অলী প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ব৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.