সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘মাওবাদী’ প্ৰচণ্ড প্ৰধানমন্ত্ৰী হ’ল !

এজন ‘আত্মগোপনকাৰী’ হ’ল প্ৰধানমন্ত্ৰী !
এজন ‘মাওবাদী’ হ’ল প্ৰধানমন্ত্ৰী
হয়,এসময়ৰ এগৰাকী ৰাষ্ট্ৰদ্ৰোহী প্ৰধানমন্ত্ৰী হ’ল৷
১৩ বছৰ আত্মগোপন কৰি আছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে৷
ক’ত সংঘটিত হৈছে এই বিৰল ঘটনা?
দেশখন হ’ল ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰ নেপাল৷নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে সোমবাৰে শপত গ্ৰহণ কৰে পুস্পকমল দাহাল প্ৰচণ্ডই৷ কিন্তু কোন হয় পুস্পকমল দাহাল প্ৰচণ্ড?

২০২২চনৰ নবেম্বৰত নেপালত
সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল৷কিন্তু কোনো দলেই সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে৷মুঠ ২৭৫ খন আসনৰ ৮৯ খন আসন লাভ কৰিছে নেপালী কংগ্ৰেছ পাৰ্টিয়ে৷কমিউনিষ্ট পাৰ্টি অব নেপাল -ইউনিফাইড মাক্সিষ্ট লেনিনিষ্টে আসন লাভ কৰিলে ৭৮ খন আৰু কমিউনিষ্ট পাৰ্টি অব নেপাল মাওৱিষ্টে লাভ কৰিলে ৩২ খন আসন৷নেপালী কংগ্ৰেছ যদিও সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছে তথাপিও সংখ্যাগৰিষ্ঠতা লাভৰ বাবে মুঠ ১৩৭ খন আসনৰ প্ৰয়োজন৷সেয়ে দেশখনত কোন প্ৰধানমন্ত্ৰী হ’ব তাক লৈ উদ্বিগ্ন হৈ আছিল সকলো৷
কংগ্ৰেছ আৰু কমিউনিষ্ট পাৰ্টি অব নেপালে নিৰ্বাচনৰ আগতেই মিত্ৰতাত অৱতীৰ্ণ হৈছিল৷দুয়ো দলেই একেলগে সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও প্ৰধানমন্ত্ৰী পদ এটা দলেও লাভ নকৰিলেহেঁতেন৷প্ৰচণ্ডই নিজে প্ৰধানমন্ত্ৰী হ’ব বিচাৰিছিল কিন্তু নেপালী কংগ্ৰেছৰ নেতা আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেওবা এই সিন্ধান্তত সন্মত নাছিল৷ইয়াৰ পাছতেই পুস্পকমলে নেপালী কংগ্ৰেছৰ লগত মিত্ৰতা ভংগ কৰে আৰু কমিউনিষ্ট পাৰ্টি অব নেপাল ইউনিফাইড মাৰ্ক্সিষ্ট লেনিনিষ্টৰ সভাপতি কে পি শৰ্মা অলিৰ লগত মিত্ৰতা স্থাপন কৰে৷পুস্পকমল প্ৰচণ্ডই এতিয়ালৈকে ১৭০ জন সাংসদৰ সমৰ্থন লাভ কৰিছে৷২৫ ডিচেম্বৰৰ আবেলিৰ ভাগত ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা প্ৰচণ্ডক নেপালৰ সংবিধানৰ ৭৬ (২) অনুচ্ছেদ অনুসৰি প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰা হয়৷
পুস্পকমল দাহাল প্ৰচণ্ডই ২৬ ডিচেম্বৰত নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপত লয়৷
প্ৰচণ্ডৰ জন্ম হৈছিল ১৯৫৪ চনৰ ১১ডিচেম্বৰত৷
প’খাৰাৰ কাস্কী জিলাৰ ধীকুৰপখৰী আছিল তেওঁৰ জন্মস্থান৷১৯৯৬ চনৰ পৰাই প্ৰচণ্ড ৰাজনীতিত সক্ৰিয় হৈ আছে৷১৯৯৬ চনৰ পৰা ২০০৬ চনলৈ তেওঁ আত্মগোপন কৰি আছিল৷২০০৬ চনৰ নবেম্বৰত নেপাল চৰকাৰৰ লগত চুক্তি স্বাক্ষৰ কৰাৰ পিছত তেওঁ মূলসুঁতি লৈ ঘূৰি আহে৷
অলী আৰু প্ৰচণ্ডৰ মাজত আলোচনা মৰ্মে সিন্ধান্ত লৈছে যে প্ৰথম পুস্পকমল প্ৰচণ্ড আৰু ইয়াৰ পিছত অলী প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ব৷

- Donation -

Leave A Reply

Your email address will not be published.