৭ বছৰত চিবিআই,ইডি,আয়কৰৰ ৰোষত পৰিছে ৫৭০ গৰাকীকৈ বিজেপিৰ ৰাজনৈতিক প্ৰতিদ্বন্দী

Share This Article

এন ডি টি ভিৰ সমীক্ষাত প্ৰকাশ পাইছে এটা বিস্ফোৰক তথ্য৷তথ্য অনুসৰি বিজেপি শাসনলৈ অহাৰ পিছত দলটোৰ ৫৭০ গৰাকী ৰাজনৈতিক প্ৰতিদন্দি ৰোষত পৰিছে কেন্দ্ৰীয় সংস্থাৰ৷কেন্দ্ৰীয় সংস্থা যেনে চিবিআই ,ইডি অথবা আয়কৰ বিভাগ আদিয়ে এই সাতটা বছৰত আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিৰ ৫৭০ গৰাকী ৰাজনৈতিক প্ৰতিদন্দিক৷যি সময়ত বিজেপি অথবা বিজেপিৰ লগত সম্পর্ক থকা ৩৯ গৰাকী ব্যক্তিহে ৰোষত পৰিছে কেন্দ্ৰীয় সংস্থা সমূহৰ৷এই বিস্ফোৰক তথ্য প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এনডিটিভিৰ নিজাববীয়া সমীক্ষাত৷
কেন্দ্ৰীয় সংস্থাৰ ৰোষত পৰা বিজেপিৰ ৰাজনৈতিক প্ৰতিদন্দিৰ তালিকাত আছে বিৰোধী ৰাজনৈতিক নেতা,তেওলোকৰ আত্মীয়,সমাজকর্মী,অধিবক্তা,স্বতন্ত্ৰ সংবাদ মাধ্যম আৰু সাংবাদিক,ফিল্ম ফের্টাৰনীটিৰ সদস্য,আনকি চৰকাৰী কাৰু কার্যত প্ৰশ্ন উত্থাপন কৰা চৰকাৰী বিষয়াও৷
এইদৰে কেন্দ্ৰীয় সংস্থাৰ ৰোষত পৰা বিৰোধী ৰাজনৈতিক নেতাৰ সংখ্যা হব ২৫৭ গৰাকী আৰু তেওলোকৰ আত্মীয়ৰ সংখ্যা হব ১৪০ গৰাকী৷কেন্দ্ৰীয় সংস্থআৰ ৰোষত পৰা সর্বাধিক বিৰোধী নেতা কংগ্ৰেছৰ৷এই ৭ টা বছৰত কেন্দ্ৰীয় সংস্থাৰ ৰোষত পৰিছে ৭৫ গৰাকী কংগ্ৰেছী৷তৃণমূল কংগ্ৰেছৰ ৩৬ গৰাকী নেতা লক্ষ্য হৈ পৰিছে কেন্দ্ৰীয় সংস্থাৰ৷একেদৰে আম আদমী পার্টিৰ ১৮ গৰাকী,এন চিৰ ১৪ গৰাকী,পিডিপিৰ ১২ গৰাকী,ডিএমকেৰ ১১ গৰাকী ৰোষত পৰিছে কেন্দ্ৰীয় সংস্থাৰ৷অসমৰ আঞ্চলিক দল ৰাইজৰ দলৰ এগৰাকী নেতা কেন্দ্ৰীয় সংস্থাৰ ৰোষত পৰা বুলি এনডিটিভিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে৷
কেবল বিৰোধী ৰাজনৈতিক নেতা অথবা তেওলোকৰ আত্মীয়ই নহয়,এই সাতটা বছৰত কেন্দ্ৰীয় সংস্থাৰ ৰোষত পৰিছে ১২১ গৰাকী সমালোচক৷ইয়াৰ ভিতৰত সোমাই আছে অনুৰাগ কাশ্যপ তপশী পান্নোৰ দৰে ফিল্ম ফেটাৰনীতিৰ সদস্যৰ পৰা প্ৰাক্তন নির্বাচনী আয়ুক্ত অশোক লাভাসাৰ দৰে বিষয়ালৈ৷এই তালিকাত আছে সুধা ভৰদ্বাজনৰ দৰে সমাজকর্মীৰ নাম৷
একেদৰে এই সাতটা বছৰত ২৯ টা স্বতন্ত্ৰ সংবাদ মাধ্যম তথা সাংবাদিক ৰোষত পৰিছে কেন্দ্ৰীয় সংস্থা সমূহৰ৷উদাহৰণ স্বৰুপে উত্তৰ প্ৰদেশৰ কোভিড মৃত্য সন্দর্ভত বিস্ফোৰক সত্য উৎঘাটনেৰে অনুসন্ধানমূল বাতৰি পৰিবেশন কৰা দৈনিক ভাস্কৰ আৰু ভাৰত সমাচাৰৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাৰ অভিযান৷

উল্লেখনীয় যে,কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ দিতীয়টো শাসনকালৰ পাচটা বছৰত কংগ্ৰেছৰ ৮৫ গৰাকী ৰাজনৈতিক প্ৰতিদন্দি কেন্দ্ৰীয় চৰকাৰৰ ৰোষত পৰা বুলি তথ্য প্ৰকাশ পাইছে এনডিটিভিৰ সমীক্ষাত৷সেই সময়ত কংগ্ৰেছ আৰু মিত্ৰদলৰ ২৭ গৰাকী ৰোষত পৰিছিল কেন্দ্ৰীয় সংস্থাৰ৷পৰিসংখ্যা অনুসৰি কংগ্ৰেছৰ শাসনকালত প্ৰতিবছৰে কংগ্ৰেছৰ ১৭ গৰাকী ৰাজনৈতিক প্ৰতিদন্দি কেন্দ্ৰীয় সংস্থাৰ ৰোষত পৰিছিল৷কিন্তু বিজেপিৰ শাসনকালত দলটোৰ ৭৫ গৰাকীকৈ ৰাজনৈতিক প্ৰতিদন্দি ৰোষত পৰিছে কেন্দ্ৰীয় সংস্থাৰ৷
উল্লেখনীয় যে,বিজেপি বিৰোধী শক্তি সমূহ সততে চিবিআই,ইডি,আয়কৰ বিভাগ আদিৰ দৰে কেন্দ্ৰীয় তদন্ত সংস্থাৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হয়৷উত্তৰ প্ৰদেশ নির্বাচনৰ প্ৰাকক্ষণত শেহতীয়া সমাজবাদী পার্টিৰ নেতাৰ বিৰুদ্ধে চলিল আয়কৰ বিভাগৰ অভিযান৷একেই ঘটনা ঘটি আহিছিল পূর্বৰ ভিন্ন ৰাজ্যৰ নির্বাচনত৷কা আন্দোলনৰ সময়তো নিয়াৰ গোচৰত গ্ৰেপ্তাৰ হৈ দীর্ঘদিন ধৰি কাৰাবন্দী হৈ আছিল অখিল গগৈ৷বিজেপিৰ শাসনকালত এইদৰে কেন্দ্ৰীয় সংস্থাৰ ৰোষত পৰা বিৰোধী,সমালোচক আদিৰ তালিকাখন দীঘল অহা ঘটনা এটা উদ্দেগৰ কাৰণ হিচাপেই বিবেচিত হৈছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.