সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কেদাৰনাথত কি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ?

জন্মু – কাশ্মীৰত সেনা বাহিনীৰ সৈতে দীপাৱলী উদযাপন কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি উপস্থিত হ’ল কেদাৰনাথ মন্দিৰত ৷ শুকুৰবাৰে কেদাৰনাথ মন্দিৰত সেৱা জনোৱাৰ পাছতে তেও মুকলি কৰে আদি গুৰু শংকৰাচাৰ্যৰ ১২ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি ৷ ২০১৯ চনত এই প্ৰতিমূৰ্তিটোৰ নিৰ্মানকাৰ্য আৰম্ভ হৈছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেদাৰনাথলৈ এইটো পঞ্চমটো ভ্ৰমণ ৷
প্ৰতিমূৰ্তি উন্মোচন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় ,’২০১৩ ৰ প্ৰলয়ৰ পাছত সকলোৱে ভাবিছিল যে কেদাৰনাথক আকৌ নিৰ্মান কৰাটো সম্ভৱ হ’বনে ৷ কিন্তু মোৰ মনে কৈছিল যে কেদাৰনাথক অতি সোণকালে পুণৰ নিৰ্মান কৰি উলিওৱা হ’ব ৷’ কেদাৰনাথ পুণৰ নিৰ্মানৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৩০ কৌটি ব্যয়সাপেক্ষ এটা প্ৰকল্পৰো উদ্বোধন কৰে ৷ইয়াৰ লগতে ৪০০ কৌটিৰ কেদাৰপুৰী পুণৰনিৰ্মান প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ বাবেও প্ৰধানমন্ত্ৰীগৰাকী কেদাৰনাথত উপস্থিত হৈছে ৷

Leave A Reply

Your email address will not be published.