মেঘালয় উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে অসম -মেঘালয় ভূমি বিবাদ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ সিন্ধান্ত গ্ৰহণ কৰে।অসম -মেঘালয় সীমান্তৰ ১২টা বিবদমান অঞ্চলৰ ৬ টা অঞ্চলক লৈ মেঘালয় ন্যায়ালয়ে কোনো চুক্তি সম্পাদন কৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।অহা ২৩ ফেব্ৰুৱাৰীলৈকে এই বিষয়ত স্থগিতাদেশ জাৰি কৰিছে ন্যায়ালয়ে।উল্লেখ্য যে বিগত ২৯ মাৰ্চত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে কনৰাড চাংমা আৰু ড° হিমন্ত বিশ্ব শৰ্মাই বিবদমান এলেকা সম্পৰ্কত এক চুক্তি স্বাক্ষৰ কৰিছিল।আনকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই চুক্তিক ‘ঐতিহাসিক’ আখ্যা দিছিল।
১৯৭২ চনত মেঘালয়ে সুকীয়া ৰাজ্যৰ স্বীকৃতি লাভ কৰাৰ পৰাই সীমান্তক লৈ দুয়োখন ৰাজ্যৰ সংঘাত আৰম্ভ হৈছিল।উল্লেখ্য যে অসম পুনৰ গঠন আইন ১৯৭১ অনুসৰি অসমৰ পৰা মেঘালয় পৃথক হৈছিল আৰু ১৯৭২ চনৰ ২১জানুৱাৰীত মেঘালয়ে লাভ কৰিছিল সুকীয়া ৰাজ্যৰ মৰ্যাদা।অসমেই একমাত্ৰ ৰাজ্য যিখনে মেঘালয়ৰ সীমান্তৰ এক বিশাল অঞ্চল স্পৰ্শ কৰি আছে।দুয়োখন ৰাজ্যৰ ৩৬.৭৯ বৰ্গ কিলোমিটাৰ অঞ্চলক লৈ চলি আছে সংঘাত।বিগত ২৯ মাৰ্চৰ চুক্তি অনুসৰি অসমে ১৮.৫১ বৰ্গ কিলোমিটাৰ আৰু মেঘালয়ে ১৮.২৮ কিলোমিটাৰ অঞ্চলত নিজৰ নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰিব।এই চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কৈছিল যে দুয়োখন ৰাজ্য আৰু ভাৰত চৰকাৰৰ জৰীপ বিভাগে এক সুকীয়া জৰীপ চলাই অঞ্চলবোৰ চিহ্নিত কৰিব।কিন্তু খাছী হিলছ অট’নমাছ ডিষ্ট্ৰিক্ট কাউঞ্চিলৰ অধীনৰ খাছী জনগোষ্ঠীয় চিয়েমশ্বীপ আৰু চাৰ্ডাৰশ্বীপৰ চাৰি গৰাকী মূল নেতাই ন্যায়ালয়ত এই বিবদমান স্থান সম্পৰ্কত আৱেদন জনোৱাৰ পিছত ন্যায়ালয়ে এই ৬ টা স্থান সম্পৰ্কত চুক্তি সম্পাদনৰ বিষয়টোত স্থগিতাদেশ জাৰি কৰে।খাছী সম্প্ৰদায়ৰ এই মূৰব্বী কেইজনৰ মতে অসম -মেঘালয়ৰ চৰকাৰে এই চুক্তি স্বাক্ষৰ কৰাৰ সময়ত তেওঁলোকৰ লগত কোনোধৰণৰ আলোচনা কৰা নাছিল ।তেওঁলোকৰ দাবী যে এই চুক্তিয়ে খাছী অট’নমাছ ডিষ্ট্ৰিক্ট কাউঞ্চিলক ষষ্ঠ অনুসূচীৰ অধীনত ইয়াৰ ভূমি,পানী,স্থানীয় নীতি নিয়ম আৰু সংস্কৃতিৰ ক্ষেত্ৰত যি বিশেষ অধিকাৰ ন্যস্ত কৰিছে সেই অধিকাৰবোৰৰ পৰা বঞ্চিত কৰিব ।ষষ্ঠ অনুসূচীৰ জৰিয়তে জনজাতীয় অঞ্চলবোৰত প্ৰশাসনৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানে কিছু সুকীয়া অধিকাৰ প্ৰদান কৰিছে।উল্লেখ্য যে বিগত বৃহস্পতিবাৰে আবেদনকাৰীৰ হৈ অধিবক্তা পি শৰ্মাই যুক্তি দৰ্শাই যে যদি বিগত ২৯ মাৰ্চৰ চুক্তি মানি লোৱা হয় তেন্তে এই স্থানীয় লোক সকলৰ অধিকাৰ খৰ্ব হ’ব পাৰে।অৱশ্যে এডভোকেট জেনেৰেল এ কুমাৰে উচ্চ ন্যায়ালয়ক কোনোধৰণৰ অন্তৰ্বতী নিৰ্দেশ নিদিবলৈ আহ্বান জনাই কৈছিল যে এই চুক্তি কাৰ্যকৰী হ’লেও কোনো ধৰণৰ ‘পুনৰ সংশোধন কৰিব নোৱাৰা ক্ষতি’ৰ সন্মুখীন নহয় এই লোক সকল।মেঘালয় উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক আৱেদনকাৰীৰ এই আৱেদনৰ ভিত্তিত অহা ২৩ফেব্ৰুৱাৰীত এক শপতনামা দাখিলৰ নিৰ্দেশ দিছে।
