সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সমষ্টি সৰু , পাৰ্থক্যও কম

কংগ্ৰেছে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে হিমাচল প্ৰদেশত ।ৰাজ্যখনৰ মুঠ ৬৮ খন আসনৰ ভিতৰত কংগ্ৰেছ দলটোৱে ৪০ খন আসনতেই জয় লাভ কৰিলে ।ইয়াৰ বিপৰীতে বিজেপি দলে ২৫ খন আৰু অন্যান্যই ৩ খন আসন লাভ কৰিলে৷আপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল !আশ্চৰ্যজনকভাৱে কংগ্ৰেছ আৰু বিজেপিৰ ভোটৰ হাৰৰ পাৰ্থক্য এক শতাংশতকৈও কম।এই পাৰ্থক্য মাত্ৰ ০.৯ % আম আদমী পাৰ্টিয়ে লাভ কৰা ভোট শ্বেয়াৰ হ’ল ১.১% আৰু ন’টাত ভোট পৰিছে প্ৰায় ০.৫৯% আসনৰ ক্ষেত্ৰত বিজেপিয়ে কংগ্ৰেছতকৈ যথেষ্ট পিছ পৰিছে যদিও কিন্তু ভোটৰ শ্বেয়াৰৰ ক্ষেত্ৰত দুয়োটা দলৰ পাৰ্থক্য এক শতাংশতকৈয়ো কম।কিন্তু এক শতাংশতকৈয়ো কম ভোট শ্বেয়াৰত দুয়োটা দলৰ আসনৰ পাৰ্থক্য প্ৰায় ১৫ খন।৮ খন আসনত বিজয়ী আৰু পৰাজিত প্ৰাৰ্থীৰ মাজৰ ভোটৰ পাৰ্থক্য মাত্ৰ ৬০ ৰ পৰা ৮৬০ টা।মানে এক কথাত এক হাজাৰতকৈয়ো কম ভোটত হাৰিছে বিজেপিৰ প্ৰাৰ্থী জন !৮ খন আসনত বিজয়ী আৰু পৰাজিত প্ৰাৰ্থীৰ মাজত ভোটৰ ব্যৱধান মাত্ৰ ১০০০ তকৈয়ো কম।ইয়াৰে ৫ খন আসন লাভ কৰিছে কংগ্ৰেছে।আনহাতে,বিজেপিয়ে এই ৮ খন আসনৰ মাজত লাভ কৰিছে ৩ খন আসন।হিমাচলত কংগ্ৰেছ দলৰ সুৰেশ কুমাৰে ভোৰঞ্জ সমষ্টিৰ পৰা মাত্ৰ ৬০ টা ভোটত নিকটতম প্ৰাৰ্থী গৰাকীক পৰাজিত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।আনহাতে,বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী জয়ৰাম ঠাকুৰে চেৰাজ সমষ্টিৰ পৰা তেওঁৰ নিকটতম প্ৰতিন্দন্দ্বীগৰাকীক এক বিশাল ভোটৰ ব্যৱধানত পৰাজিত কৰিছে।মুঠ ৩৮ ,১৮৩ টা ভোটত কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীক হৰুৱাইছে জয়ৰাম ঠাকুৰে।ৰাজনৈতিক বিশ্লেষক সকলৰ মতে হিমাচল এখন সৰু ৰাজ্য ,সেয়ে তাত ভোটৰ পাৰ্থক্য কম হোৱাটোৱে স্বাভাৱিক।কেৰালাও এনেকুৱা এখন ৰাজ্য য’ত জয়ী আৰু পৰাজিত প্ৰাৰ্থীৰ মাজত ভোটৰ পাৰ্থক্য খুব কম হোৱা দেখা যায়৷কেৰালাত মূল প্ৰতিন্দন্দ্বিতা হয় কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁট আৰু বাওঁদলীয় মিত্ৰ জোঁটৰ মাজত৷এই দুয়োটা মিত্ৰ জোঁটৰ মাজতেই ক্ষমতা হস্তান্তৰিত হয় প্ৰতি ৫ বছৰৰ অন্তৰত।

২০২০ চনৰ বিহাৰ বিধানসভাৰ নিৰ্বাচনতো বিজয়ী আৰু পৰাজিত প্ৰাৰ্থীৰ মাজত ভোটৰ পাৰ্থক্য বহুত কম আছিল৷ইয়াৰ অৱশ্যে প্ৰধান কাৰণ আছিল এনডিএ আৰু নীতিশ আৰু আৰজেডিৰ মিত্ৰজোঁটৰ মাজত হোৱা প্ৰতিন্দন্দ্বিতা।হিমাচলৰ ক্ষেত্ৰত মূল সমস্যাটো হ’ল এই ৰাজ্যখনৰ প্ৰতিটো সমষ্টিতেই ভোটাৰৰ সংখ্যা এক লাখতকৈ কম৷সেয়ে তাত কম ভোটেই গুৰুত্বপূৰ্ণ ভূমিকা লয়।“ হিমাচলৰ সমষ্টিবোৰ বহুত সৰু৷সেয়ে জয়ী আৰু পৰাজিত প্ৰাৰ্থীৰ মাজত ভোটৰ পাৰ্থক্য বহুত কম”- এনেদৰে মন্তব্য কৰে প্ৰফেচৰ সঞ্জয় কুমাৰে।তেওঁ কয় যে ২০১৭,২০১২,২০০৭ আৰু ২০০২ চনৰ নিৰ্বাচন বোৰলৈ যদি লক্ষ্য কৰা যায় ৩০ ৰ পৰা ৩৫ খন আসনত মাত্ৰ ২৫০০ ৰ পৰা ৩০০০ ভোটৰ ব্যৱধানত জয়ী হৈছিল বিজয়ী প্ৰাৰ্থীগৰাকী।প্ৰতিটো নিৰ্বাচনত ১০ ৰ পৰা ১২ জন এনেকুৱা প্ৰাৰ্থী থাকে যিসকলৰ ভোটৰ পাৰ্থক্য মাত্ৰ ১০০০ ৰ পৰা ১২০০ ৰ ভিতৰত।প্ৰফেচৰ সঞ্জয় কুমাৰৰ মতে যদি সমষ্টি সৰু হয় তেন্তে কম ভোটেই গুৰুত্বপূৰ্ণ ভূমিকা লয় ।

- Donation -

Leave A Reply

Your email address will not be published.