পদুম দলিয়াই ‘হাত’ত ধৰিলে হিমাচলীয়ে

Share This Article

হিমাচল প্ৰদেশত কংগ্ৰেছ দলে ৩৯ খনৰো অধিক আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে আগবাঢ়িছে।নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও কংগ্ৰেছ যেন দুঃস্বপ্নৰ পৰা মুক্ত হ’ব পৰা নাই।ইতিমধ্যে ছত্তীশগড়ত ৰিজৰ্টৰ ৫০ খন আসন বুক কৰিছে কংগ্ৰেছে।সকলো জয়ী প্ৰাৰ্থীক কংগ্ৰেছ শাসিত ৰাজ্যৰ ৰিজৰ্টত ৰাখিব দলটোৱে।সংখ্যাগৰিষ্ঠতা অটুত থাকিলেও বিজেপি দলে ধন বল খটুৱাই বিধায়ক ক্ৰয় কৰাৰ নজিৰ বহুত। মণিপুৰ,উত্তৰাখণ্ড,গোৱা আদি ৰাজ্যত বিজেপিয়ে হৰ্ছ ট্ৰেডিঙৰ উৎকৃষ্ট উদাহৰণ দি থৈছে।সেয়ে এইবাৰ পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশত ভাল ফলাফল দেখুৱালেও কিন্তু নিজৰ দলৰ বিধায়কৰ ওপৰতে ভৰষা নাই কংগ্ৰেছৰ ।গুৰুত্বপূৰ্ণ বিষয় এয়ে যে গুজৰাটত প্ৰতিটো নিৰ্বাচনতেই প্ৰতিষ্ঠানবিৰোধী ঢৌৱে গুৰুত্বপূৰ্ণ ভূমিকা লয়৷এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল। বিজেপিৰ ৫ বছৰীয়া শাসনৰ অন্ত পেলাই কংগ্ৰেছে লাভ কৰিলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা ।মুঠ ৬৮ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱা হিমাচলত ৩৫ খন আসন লাভ কৰিলেই চৰকাৰ গঠন কৰিব পাৰে যিকোনো দলে।বৰ্তমানলৈকে অহা ফলাফল অনুসৰি কংগ্ৰেছে ৩৯ খন,বিজেপিয়ে ২৫ খন আৰু অন্যান্যই ৩খন আসনত আগুৱাই আছে ।অন্যান্যৰ ২ খন আসন বিজেপিৰ বিসম্বাদী প্ৰাৰ্থীৰ।উল্লেখ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত হিমাচল প্ৰদেশত বিজেপিৰ ভোটৰ পৰিমাণ আছিল ৬১% . ২০১৮ চনত বিজেপিয়ে লাভ কৰিছিল ৪৪ খন আসন আৰু কংগ্ৰেছ দলে লাভ কৰিছিল ২১খন আসন৷২০১৭ চনৰ নিৰ্বাচনতো আপ দলটোৱে এখনো আসন লাভ কৰা নাছিল আৰু ২০২২ চনৰ নিৰ্বাচনতো দলটোৱে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.