প্ৰধানমন্ত্ৰীয়ে ফোন কৰা কৃপাল পাৰমাৰৰ কি হ’ল ?

Share This Article

কৃপাল পাৰমাৰক মনত আছেনে?কিমান ভোট পালে পাৰমাৰে? কৃপাল পাৰমাৰে হেৰুৱাব আমানতৰ ধন !
ফতেহপুৰতেই বিজেপিৰ লাগিল কেণা !হিমাচল প্ৰদেশৰ ফতেহপুৰ আসনখনক লৈ হৈছে তয়াময়া যুঁজ।এই যুঁজ বিজেপি আৰু কংগ্ৰেছ প্ৰাৰ্থীৰ মাজত।ভৱানী সিং পাঠানীয়াই লাভ কৰিছে ১৪ হাজাৰ ভোট, আৰু তেওঁ কংগ্ৰেছ প্ৰাৰ্থী৷আনহাতে বিজেপি প্ৰাৰ্থী ৰাকেশ পাঠানীয়াই লাভ কৰিছে ১৩ হাজাৰ ৬০০ ভোট।কংগ্ৰেছ প্ৰাৰ্থী গৰাকী মাত্ৰ ৫০০ ভোটত আগবাঢ়িছে সমষ্টিটোত।প্ৰকৃতাৰ্থত এই দুজন প্ৰাৰ্থীৰ মাজৰ যুঁজ খনৰ বাবে সমষ্টিটোৰ ৰণ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা নাই, বৰঞ্চ সমষ্টিটোৰ নিলম্বিত ৰাজ্যসভাৰ সাংসদ কৃপাল পাৰমাৰৰ ভূমিকাৰ বাবেহে চৰ্চালৈ আহিছে সমষ্টিটো।কৃপাল পাৰমাৰে মুকলিকৈ অভিযোগ কৰিছিল যে তেওঁক বিজেপিৰ নেতৃত্বই গুৰুত্ব দিয়া নাছিল।সেই সময়তে এটা ভিডিঅ’ৰাজহুৱা হৈছিল৷কৃপাল পাৰমাৰক ফোনত কোনোবাই ধমকিৰ সুৰত বিজেপিৰ বিৰোধিতা নকৰিবলৈ আৰু নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগনবঢ়াবলৈ কৈছিল পিছত সেই ভিডিঅ’টোত তেওঁক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফোন কৰা বুলি তেওঁ জনাইছিল।সেই পাৰমাৰেই নৰেন্দ্ৰ মোডীৰ ফোন যোগেৰে জনোৱা আহ্বান নস্যাৎ কৰি নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছিল সমষ্টিটোত।কিন্তু কৃপাল পাৰমাৰে লাভ কৰিলে মাত্ৰ ২০০০ ভোট ৷আনহাতে ,আপৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিল ৰাজন সুশান্তে৷ৰাজেন সুশান্তে ভোট লাভ কৰিছিল মাত্ৰ২৩৩ টা ।বিগত দুটা নিৰ্বাচনত কংগ্ৰেছ দলেই উক্ত সমষ্টি দখল কৰি আহিছিল।২০১৭ চনত বিজেপিয়ে লাভ কৰিছিল ৪৪খন আসন ৷সেই নিৰ্বাচনত কংগ্ৰেছ দলে লাভ কৰিছিল ২১ খন আসন।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.